...

হিট এণ্ড ৰান গোচৰত নন্দিনীক গ্ৰেপ্তাৰ, দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

Spread the love

হিট এণ্ড ৰান গোচৰত নন্দিনীক গ্ৰেপ্তাৰ, দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ফৰেনছিক দলে পৰীক্ষা কৰিলে দুর্ঘটনা সংঘটিত কৰা বাহন

 

চাইন অন ডেস্ক:

শেহতীয়াকৈ হলেও গুৱাহাটী মহানগৰীৰ দক্ষিণ গাঁৱত সংঘটিত হিট এণ্ড ৰানৰ ঘটনাত সাৰ পালে মহানগৰ আৰক্ষী।যোৱা ২৫ জুলাইৰ পুৱতিনিশা সংঘটিত দুর্ঘটনাটোত গুৰুতৰভাৱে আহত ছামিউল হক নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ল অভিনেত্রী নন্দিনী কাশ্যপক। জালুকবাৰীৰ পৰা সন্ধিয়াতে আটক কৰা অভিনেত্ৰীগৰাকীক মাজনিশা ১.৩০ বজাত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
কালি স্বাস্থ্য পৰীক্ষাৰ অন্তত নন্দিনীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে আৰক্ষীয়ে পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল নন্দিনীক। ইফালে, অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ তথা ২৫ জুলাইৰ পুৱতিনিশা সংঘটিত দুর্ঘটনাটোক লৈ এখন সংবাদ মেল সম্বোধন কৰি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই কয় যে ২৫ জুলাইৰ নিশা ৩ বজাত দুর্ঘটনাটো সংঘটিত হৈছিল। য’ত এখন বলেৰ’ বাহনে এজন স্কুটী আৰোহীক খুন্দা মাৰিছিল। এই খবৰটো পিছদিনা পুৱাহে যান-বাহন আৰক্ষীয়ে লাভ কৰিছিল। খবৰ পোৱাৰ পাছতে যান-বাহন আৰক্ষীয়ে নন্দিনী কাশ্যপক থানালৈ মাতি আনে আৰু তেওঁক সোধা-পোছা কৰে।
আঘাতপ্রাপ্ত ছামিউল হকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল। প্রথমতে এই সন্দর্ভত ৰুজু হোৱা এজাহাৰত কোনো অভিযুক্তৰ নাম নাছিল। যেতিয়া আমি সোধা-পোছা কৰি গম পালোঁ যে নন্দিনী কাশ্যপ নামৰ এগৰাকী মহিলা এই ঘটনাত জড়িত হৈ আছে, তেতিয়াই তেওঁক মাতি আনি সোধা-পোছা কৰা হ’ল। সোধা-পোছা কৰাৰ — অন্তত পি আৰ বণ্ডত তেওঁক যাবলৈ দিয়া হৈছিল আৰু লগতে এখন ন’টিচ জাৰি কৰা হৈছিল যে যেতিয়াই তেওঁক মতা হ’ব, তেতিয়াই যাতে তেওঁ থানালৈ আহে।পৰহিৰ সন্ধিয়া প্রায় ৬ বজাত আঘাতপ্রাপ্ত ভুক্তভোগীৰ মৃত্যু হয়। প্রথম অৱস্থাত গোচৰটোত যিবোৰ ধাৰা সংযোজন কৰা হৈছিল, সকলোবোৰ জামিনযোগ্য ধাৰা আছিল। সেয়েহে আমি নিশাৰ ভিতৰতে আদালতত প্রার্থনা জনাই জামিন অযোগ্য ধাৰা সংযোজন কৰোঁ।
ডিচিপি বৰাই সদৰী কৰা অনুসৰি প্ৰথম অৱস্থাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৫ (২)/১২৫(বি)/২৮১ ধাৰাৰ অধীনত ৬৩০/২০২৫ নম্বৰৰ গোচৰ দিছপুৰ থানাত ৰুজু কৰা হয়। পৰৱৰ্তী সময়ত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা সংযোজন কৰা হয়।
আনহাতে, নন্দিনীয়ে পূর্বে উল্লেখ কৰিছিল যে দুৰ্ঘটনাৰ পাছতে তেওঁ নিজেই ফোন কৰি নিশাৰ ভাগতে আৰক্ষীক অৱগত কৰিছিল। আনকি নন্দিনীৰ মাতৃয়েও এই কথা স্পষ্ট কৰিছে। কিন্তু নন্দিনী আৰু তেওঁৰ মাতৃৰ এই ভাষ্য নস্যাৎ কৰিছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি বৰাই। তেওঁ সংবাদ মেলত সদৰী কৰা অনুসৰি দুৰ্ঘটনা সন্দৰ্ভত গুৱাহাটী যান-বাহন আৰক্ষীয়ে নিশাৰ ভাগত কোনোধৰণৰ তথ্য লাভ কৰা নাছিল। আমি গম পোৱাৰ পিছত ২৬ জুলাইত থানাত সোধা-পোছা কৰাৰ পাছত তেওঁক যাবলৈ দিয়া হৈছে।
উল্লেখ্য যে ২৫ জুলাইৰ পুৱতিনিশা অভিনেত্রী নন্দিনী কাশ্যপৰ এ এছ ০১ এফএম ৯১৯৯ নম্বৰৰ বলেৰ’ বাহনখনে ছামিউল হকে চলাই অহা স্কুটীত তীব্ৰ জোৰে খুন্দা মাৰে। যাৰ বাবে গুৰুতৰভাৱে যুৱকজন আহত হয়। তেওঁৰ দুয়োখন ভৰিৰ কেইবাডালো হাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ আন স্থানতো আঘাত পায়। নিশা সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাৰ পাছত যুৱকজনক সহায় কৰাৰ পৰিৱৰ্তে ঘটনাস্থলীৰ পৰা পলায়ন কৰি নিজকে বচাবলৈ চেষ্টা কৰে অভিনেত্রী নন্দিনীয়ে।
পৰৱৰ্তী সময়ত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সোমবাৰে উন্নত চিকিৎসাৰ বাবে খ্রীষ্টানবস্তিৰ এপল” হাস্পতাললৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে পৰহিৰ সন্ধিয়া প্রায় ৬ বজাত নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা তথা পলিটেকনিকৰ ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিভাগৰ তৃতীয় বৰ্ষত অধ্যয়ন কৰি থকা ছামিউলৰ মৃত্যু ঘটে। এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰে।
বিশেষকৈ এগৰাকী অভিনেত্রীয়ে এনেদৰে যুৱকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা আঁতৰি গৈ নিজৰ চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলিও বিভিন্নজনে সমালোচনা কৰিছে।
লক্ষণীয়ভাৱে এই ঘটনাই প্রতিক্ৰিয়াৰ সৃষ্টি কৰিলেও দিছপুৰ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকে। ইয়াৰ পৰিৱৰ্তে যুৱকজনৰ মৃত্যু হোৱাৰ পাছতহে সাৰ পোৱা আৰক্ষীয়ে নিশা প্রায় ৯ বজাত থিয়েটাৰৰ আখৰাগৃহৰ পৰা উভতি অহাৰ সময়ত জালুকবাৰীত নন্দিনীক আটক কৰি লৈ আহে। নিশা পাণবজাৰ থানালৈ লৈ অহা নন্দিনীক মাজনিশা গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। আনহাতে, নন্দিনীৰ মাতৃয়ে সংবাদ মাধ্যমৰ সম্মুখত প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ছামিউলৰ পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। টকা-পইচাৰে সহায় কৰাৰ লগতে জিএমচিএইচৰ পৰা এপল’ হাস্পতাললৈ ছামিউলক স্থানান্তৰৰ পৰামৰ্শও প্রদান কৰিছিল। ‘কিন্তু ছামিউলৰ পৰিয়ালৰ সৈতে থকা একাংশ যুৱকে নন্দিনীৰ পিতৃৰ পৰা আর্থিক সাহায্য লোৱাত বাধা প্ৰদান কৰিছিল। অৱশ্যে নন্দিনীৰ মাতৃৰ এই মন্তব্য ছামিউলৰ পিতৃয়ে অস্বীকাৰ কৰিছে। তেওঁ প্ৰকাশ কৰিছে যে নন্দিনীৰ পৰিয়ালে কোনোধৰণৰ টকা-পইচাৰে তেওঁলোকক সহায় কৰা নাছিল। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বেও নন্দিনীয়ে অত্যধিক বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা ভৰিব লগা হৈছিল।যাৰ পৰিপ্ৰেক্ষিতত এই দুর্ঘটনাক লৈ কেতবোৰ অভিযোগ-প্রতি অভিযোগে এক ৰহস্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *