Skip to content ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীত শিক্ষক কৰ্মশালা সম্পন্ন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা মহানগৰৰ বৈৰাগীমঠস্থিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীত দুদিনিয়াকৈ শিক্ষানুষ্ঠানখনৰ কৰ্মৰত শিক্ষক সকলৰ শৈক্ষিক কৰ্মশালা সম্পন্ন হয়।প্ৰথমদিনা কৰ্মশালা শুভউদ্বোধন কৰে একাডেমী খনৰ সভাপতি চান্দ কুমাৰ গোঁহাইয়ে।

তেখেতে নিজৰ ভাষণত এনেধৰণৰ কৰ্মশালাই শিক্ষক সকলৰ শিক্ষা দানত বিশেষ ভাৱে সহায় কৰে।অনুষ্ঠানটোত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ সভাপতি লনাথ চৌখাম,সম্পাদক তথা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকন,অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে।শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী খনৰ শৈক্ষিক মুৰব্বী যাদৱ গগৈয়ে আঁতধৰা এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিক্ষক যুগল কোঁৱৰ, নিলাভ নয়ন বৰদলৈ,ললিন টায়ে আৰু দিম্বেধৰ চেতিয়া।
অন্তিম দিনা সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰি শিক্ষক সকলক মান পত্ৰ আৰু সমল ব্যক্তি সকলক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে পৰিচালনা সমিতিৰ হভাপতি হলিৰাম ফুকন,অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ আৰু শৈক্ষিক মুৰব্বী যাদৱ গগৈয়ে।