ৰাজ্যত শীঘ্ৰে ঘোষণা হ’ব খৰাং বতৰঃ মুখ্যমন্ত্ৰী
চাইন অন ডেস্ক:
ৰাজ্যত ঘোষণা হ’ব খৰাং বতৰ। বৰষুণ নিদিলেই খৰাং বতৰ ঘোষণা কৰিব ৰাজ্য চৰকাৰে। ডিব্ৰুগড়ত ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ এক প্ৰশ্নত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, খৰাং পৰিস্থিতিক লৈ চৰকাৰ সম্পূৰ্ণ নজৰত। বৰষুণ নিদিলেই ৰাজ্যত খৰাং বতৰ ঘোষণা কৰা হ’ব। আনহাতে খৰাং বতৰ ঘোষণা হ’লে প্ৰধানমন্ত্ৰী ফচল যোজনা আৰু দুৰ্যোগ প্ৰশাসন সঁহাৰি বিভাগৰ জৰিয়তে কৃষকসকলক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য ৰাজ্যত ভৰপক খেতিৰ বতৰত পথাৰত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে। কৃষি পথাৰত ফাট মেলাত ভুঁই ৰুব পৰা নাই খেতিয়কে। ভয়াৱহ 
