পৰেশ বৰুৱাৰ মানসিকতা ৩০ বছৰ পুৰণা এতিয়া এনেকুৱা মানসিকতা সলনি হৈছে:মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা সদায়ে মুখ্যমন্ত্ৰী হৈ নাথাকে,মুখ্যমন্ত্ৰী এটা প্ৰতিষ্ঠান
এই প্ৰতিষ্ঠানটোৱে টকা ক’ৰ পৰা পাব?
চাইন অন ডেস্ক:
হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে। মুখ্যমন্ত্ৰী হ’ল এটা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৱে টকা ক’ৰ পৰা পাব? মোডীয়ে এটা সময়লৈকেহে টকা দিব। আন ৰাজ্য সমূহে ক’ব যে আমাৰ টকাবিলাক আপোনালোকে কিয় লৈ গৈ আছে। কেৰালাৰ ৰাজ্যৰ দৰে আমিও ভাৰত চৰকাৰৰ পৰা টকা নোলোৱাকৈ চলিব পৰা মেমোৰেণ্ডাম প্ৰস্তুত কৰিব লাগিব।
কালি ডিব্ৰুগড়ত দিয়া ভাষণৰ মাজতে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক সমালোচনাৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, আন্দোলন কৰা ল’ৰাবিলাকৰ কথা বাদ দিয়ক। তেওঁলোক ভাবে যে আমাৰ তেল আছে, কয়লা আছে গতিকে আমি ধনী। এইটো পৰেশ বৰুৱাৰ মানসিকতা। এইটো ৩০ বছৰ পুৰণা মানসিকতা আছিল। এতিয়া এনেকুৱা মানসিকতা সলনি হৈছে। এই মানসিকতা সলনি কৰিছে গুগলে।
উল্লেখযোগ্য যে, কালি মুখ্যমন্ত্ৰী ড০ বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ সহায়ত ৭৬ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা কৰে। এই প্ৰকল্পত আছে ৩২৪ খন আসন যুক্ত ছাত্ৰী নিবাস, আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, ১৬ টা আৱাসযুক্ত হাউছিং ব্লক, ক্ৰীড়া কমপ্লেক্স, ব্যায়ামশালা আদি।
একেদৰে ৭১ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰকল্পৰো আধাৰশিলা কৰে মুখ্যমন্ত্ৰীয়ে। এই প্ৰকল্পত আছে ১৭৬ খন আসনযুক্ত ছাত্ৰীনিবাস, শৈক্ষিক ভৱন আৰু শৈক্ষিক গৱেষণা কেন্দ্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, পৰিবহন মন্ত্ৰী যোগেন মহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

