Skip to content
ধুবুৰীৰ গৌৰীপুৰৰ খুদিমাৰীত বুজন পৰিমাণ সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক
চাইন অন ডেস্ক: কালি আৰক্ষীৰ অভিযানত ধুবুৰী জিলাৰ গৌৰীপুৰৰ খুদিমাৰী প্ৰথম খণ্ড গাওঁৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ সহ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্ধৰ্ভে জানিব পৰা মতে, যোৱাকালি নিশা গোপন এক তথ্যৰ ভিত্তিত, গৌৰীপুৰ আৰক্ষীৰ এটি দলে খুদিমাৰী প্ৰথম খণ্ড গাওঁৰ স্বপন শৰ্মা নামৰ এজন যুৱকৰ বাসগৃহত এক তালাচী অভিযান চলাইছিল।
অভিযান কালত, আৰক্ষীৰ দলটোৱে বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰৰ উপৰিও ৩টা মোবাইল হেণ্ডছেট, ওজন মাপা মেচিন, চৰাই চিকাৰ কৰা দুটাকৈ এয়াৰ গানকে ধৰি খালি এমুনেছন বাকচ এটা জব্দ কৰিবলৈ সক্ষম হয়। সমান্তৰালকৈ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীকো কৰায়ত্ত কৰে দলটোৱে। জানিব পৰা মতে, ধৃত সেই যুৱকদ্বয়ৰ স্বপন শৰ্মা খুদিমাৰী প্ৰথম খণ্ডৰ বাসিন্দা। আনহাতে, কৰায়ত্ত হোৱা সুৰজ প্ৰসাদ নামৰ আনজন যুৱকৰ ঘৰ ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলত। Like this: Like Loading...
Post navigation