Skip to content ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ ইণ্ডিগ’ৰ কতৃপক্ষক স্মাৰক পত্ৰ
উন্নত বিমান সংযোগ সেৱাৰ আৰ্জি
ডিব্ৰুগড়ৰ পৰা মুম্বাই আৰু জয়পুৰলৈ পোনপটীয়া বিমান সেৱা
গুৱাহাটী আৰু কলকাতালৈ সন্ধিয়া বিমান সেৱাৰ প্ৰৱৰ্তনৰ দাবী
চাইন অন ডেস্ক:
ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ এটা প্ৰতিনিধি দলে আজি ডিব্ৰুগড়ৰ মনোহৰী ৰিজ’ৰ্টত ইণ্ডিগ’ এয়াৰলাইন্সৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰি ডিব্ৰুগড়ৰ পৰা মুম্বাই আৰু জয়পুৰলৈ পোনপটীয়া বিমান সেৱাৰ লগতে গুৱাহাটী আৰু কলকাতালৈ সন্ধিয়া বিমান সেৱাৰ প্ৰৱৰ্তনৰ বাবে এখন স্মাৰক পত্ৰ দাখিল কৰে।
ইণ্ডিগ’ৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল সহযোগী সঞ্চালক – বিক্ৰী (পূব) সুশান্ত চেটাৰ্জী, সহকাৰী পৰিচালক – বিক্ৰী সাগৰ ভট্টাচাৰ্য আৰু বিক্ৰীৰ পৰিচালক ৰাজেশ ৰায়।
শেহতীয়াকৈ অসমৰ দ্বিতীয় ৰাজধানী হিচাপে চিহ্নিত ডিব্ৰুগড়ৰ ক্ৰমবৰ্ধমান আৰু অৰ্থনৈতিক গুৰুত্ব আৰু অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ প্ৰৱেশদ্বাৰ হিচাপে ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাকো আলোকপাত কৰা হয়। প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলটোৱে ক্ৰমবৰ্দ্ধিত
যাত্ৰীৰ হাৰ আৰু উন্নত বিমান সংযোগৰ চাহিদাৰ বিষয়েও অৱগত কৰাৰ লগতে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ সন্মানত ডিব্ৰুগড় বিমানবন্দৰৰ আগন্তুক নাম সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ইণ্ডিগোৰ বিষয়াসকলে উত্থাপিত উদ্বেগসমূহৰ ওপৰত ধৈৰ্য্যসহকাৰে গ্ৰহণ কৰি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে বিষয়টো বিমান সংস্থাটোৰ নেটৱৰ্ক পৰিকল্পনা দলৰ সৈতে উপযুক্ত বিবেচনাৰ বাবে প্ৰেৰণ কৰিব।

প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত প্ৰদান কৰে সভাপতি মানশ জ্যোতি দত্ত, উপ-সভাপতি অনিল কুমাৰ পোদ্দাৰ, আৰু সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে।
একে অনুষ্ঠানতে ইষ্টাৰ্ণ অসম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, ডিব্ৰুগড়েও ইণ্ডিগ’ৰ প্ৰতিনিধি দলটোক এখন স্মাৰক পত্ৰ দাখিল কৰি বিমান সংযোগ বৃদ্ধিৰ বাবেও একে আবেদনকে প্ৰদান কৰে।চেম্বাৰৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত উপস্থিত থাকে সভাপতি ড০ ভাস্কৰ গগৈ আৰু সম্পাদক চি এ অংকিত বাৰ্মা।
ইয়াৰ উপৰিও মৃগেন্দ্ৰ জালানৰ প্ৰতিনিধিত্বত ভাৰতীয় চাহ পৰিষদেও একেটা বিষয়ৰ ওপৰত এখন স্মাৰক পত্ৰ দাখিল কৰি ডিব্ৰুগড়ৰ পৰা বিমান সংযোগ উন্নত কৰাৰ সামূহিক স্মাৰক পত্ৰই সমগ্ৰ দাবীটোকে অধিক শক্তিশালী কৰি তুলিছে।
প্ৰস্তাৱিত নতুন পথ আৰু সন্ধিয়াৰ ভাগত বিমান উৰণে ব্যৱসায়িক ভ্ৰমণকাৰী, চিকিৎসা ৰোগী, চাহ উদ্যোগৰ অংশীদাৰ, সংবাদ মাধ্যমৰ পেছাদাৰী, ছাত্ৰ-ছাত্ৰী, আৰু বহল জনসাধাৰণক উপকৃত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত উত্তৰ-পূব ভাৰতৰ উদীয়মান বিমান কেন্দ্ৰ হিচাপে ডিব্ৰুগড়ৰ স্থান আৰু অধিক শক্তিশালী হ’ব।