...

কানাডাৰ মাজ আকাশত দুই বিমানৰ মুখামুখি সংঘর্ষ

Spread the love

কানাডাৰ মাজ আকাশত দুই বিমানৰ মুখামুখি সংঘর্ষ

দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় শিক্ষার্থী পাইলটসহ দুই

 

চাইন অন ডেস্কঃ

কানাডাৰ মাজ আকাশত দুখন বিমানৰ মুখামুখি সংঘৰ্ষত এজন ভাৰতীয় শিক্ষার্থী পাইলটসহ দুজন নিহত হৈছে। নিহত ভাৰতীয় শিক্ষার্থী পাইলটজন হৈছে কেৰালাৰ কোচিৰ বাসিন্দা ২৩ বছৰীয়া শ্রীহৰি সুকেশ। কানাডাৰ মণিটোবা প্ৰদেশৰ মাজ আকাশত দুখন একক ইঞ্জিনযুক্ত বিমানৰ সংঘর্ষ হয়। তথ্য মতে, নিয়মীয়া উৰণ প্ৰশিক্ষণৰ সময়তে এই বিমান দুখনৰ মাজ আকাশত মুখামুখিকৈ খুন্দা লাগে। এই খুন্দাৰ ফলত বিমান দুখন ধ্বংস হৈ মাটিত বাগৰি পৰে। বিমানৰ ধ্বংসস্তূপৰ পৰা ভাৰতীয় শিক্ষার্থী পাইলট সুকেশৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। টোৰণ্টোস্থিত ভাৰতীয় কনছুলেট জেনেৰেলে এই দুর্ঘটনাত
ভাৰতীয় শিক্ষার্থী পাইলট সুকেশ নিহত হোৱা বুলি নিশ্চিত কৰিছে। ভাৰতীয় কনছুলেট জেনেৰেলে নিহত শিক্ষার্থীজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ লগতে পাইলট প্রশিক্ষণ স্কুল আৰু স্থানীয় আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি স্বদেশলৈ ওভতাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হার্বছ বিমান পাইলট প্রশিক্ষণ স্কুলৰ অধ্যক্ষ আদম পেনারে প্রকাশ কৰা মতে, দুখন একক ইঞ্জিন বিমানেৰে দুই শিক্ষার্থীয়ে উৰণৰ প্ৰশিক্ষণ ল’বৰ বাবে আকাশমাগলৈ গৈ অৱতৰণ কৰিবলৈ বিচাৰোঁতেই মুখামুখি সংঘর্ষত লিপ্ত হয়। বিমান দুখন একে সময়তে সৰু ৰানবে’ এটাত অৱতৰণ কৰিবলৈ বিচাৰোঁতেই দুয়োখন বিমানৰ মুখামুখি সংঘর্ষ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *