...

মুম্বাই আৰক্ষীৰ জেৰাত ২৬/১১ আক্ৰমণকাৰীৰ স্বীকাৰোক্তি

Spread the love

 

মুম্বাই আৰক্ষীৰ জেৰাত ২৬/১১ আক্ৰমণকাৰীৰ স্বীকাৰোক্তি

 

পাক সেনাৰ ঘনিষ্ঠ এজেন্ট হিচাপে তাহাউৰ ৰানাই সমগ্ৰ আক্ৰমণ নিৰীক্ষণ কৰিছিল

 

মুম্বাই:

বিশ্ব কঁপোৱা ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ মূল অভিযুক্ত পাক সন্ত্রাসবাদী তাহাউৰ হুছেইন ৰানাই অৱশেষত নিয়াৰ জিম্মাত থকাৰ মাজতে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জেৰাত আক্ৰমণত জড়িত থকাটো স্বীকাৰ কৰিলে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰত্যর্পণ কৰি অনা তাহাউৰ ৰানাই প্ৰাৰম্ভিক সময়ত মুম্বাই আক্ৰমণৰ সৈতে জড়িত নাই বুলি কৈছিল যদিও অৱশেষত মুম্বাই আৰক্ষীৰ জেৰাত তাহাউৰ ৰানাই পাকিস্তানী সেনাৰ ঘনিষ্ঠ এজেন্ট বুলি স্বীকাৰ কৰে।

অকল এয়াই নহয়, ২৬/১১
সন্ত্রাসবাদী আক্ৰমণৰ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰিছিল বুলি স্বীকাৰ কৰে।পাক সেনাৰ লগতে পাকিস্তানৰ আইএছআই মুম্বাই আক্ৰমণৰ সৈতে জড়িত বুলিও স্বীকাৰ কৰিছে সন্ত্রাসবাদী ৰানাই।

দিল্লীৰ তিহাৰ কাৰাগাৰত নিয়াৰ জিম্মাত থকা সন্ত্রাসবাদী ৰানাই মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ জেৰাত ডেভিদ কলেমান হেডলীৰ সৈতে লস্কৰ-ই-তৈবাৰ প্ৰশিক্ষণ লোৱা বুলিও প্রকাশ কৰিছে।২৬/১১ আক্ৰমণৰ সময়ত মুম্বাইতে থকা সন্ত্রাসবাদী ৰানাই পাছলৈ পলায়ন কৰে আৰু আমেৰিকাত গ্ৰেপ্তাৰ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *