...

আখৰা ঘৰৰ গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ শিবিৰ আৰম্ভ

আখৰা ঘৰৰ গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ শিবিৰ আৰম্ভ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত

চাইন অন ডেস্ক:

আখৰা ঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজিৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ শিবিৰ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সমষ্টি ভিত্তিক এই শিবিৰ অহা ২১ জুলাইলৈকে চলিব। চিৰিং চাপৰি সন্তোষী মা পথত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা গ্ৰীষ্মকালীন নাট্য প্ৰশিক্ষণ শিবিৰ আজি উদ্বোধন কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ শৈকত পাত্ৰই। অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বৰা, আয়োজক সমিতিৰ সদস্য সচিব ব্ৰজেন পাঠক, আখৰা ঘৰ নাট্য প্ৰশিক্ষণ কেন্দ্ৰৰ সঞ্চালক তথা বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক অসীম কুমাৰ শৰ্মা, প্ৰশিক্ষণ কেন্দ্ৰৰ উপদেষ্টা ভাস্কৰ গগৈ আৰু জ্ঞান প্ৰকাশ শৰ্মা উপস্থিত থাকে। শিবিৰত শতাধিক শিশুৱে অংশ গ্ৰহণ কৰিছে। শিবিৰৰ অন্তত শিশু সকলৰ দ্বাৰা এখন নাটক মঞ্চস্থ কৰা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *