এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয় পাকিস্তানত।পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত এই বিস্ফোৰণ।বাজাউৰ জিলাত বিদ্ৰোহী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানৰ সদস্যই এখন চৰকাৰী বাহন বিস্ফোৰণেৰে উৰুৱাই দিয়ে।
ফলত ৫জন লোকৰ মৃত্যু হয় আৰু ১১ জন লোক গুৰুতৰভাৱে আহত হয়।পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে এই আক্ৰমণত নিহতৰ ভিতৰত বাজাউৰৰ সহকাৰী আয়ুক্ত ফৈজল ইছমাইল আৰু তহচিলদাৰ আব্দুল ৱাকিল অন্যতম।
এই আক্ৰমণত দুজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকো নিহত হৈছে। বাজাউৰ আৰক্ষী অধীক্ষক ৱাকাছ ৰফিকে জনোৱা মতে, খাৰ তহচিলৰ ছিদ্দিকাবাদ ৰে’লৱে এলেকাৰ নাওগাই পথত তেহৰিক-ই-তালিবানে এখন চৰকাৰী বাহনক গ্ৰেণেডেৰে লক্ষ্য কৰি লয়।
যোৱা বছৰৰ ২৫ ডিচেম্বৰত পাকিস্তানী বায়ুসেনাৰ যুদ্ধ বিমানে খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ সীমান্তৱৰ্তী আফগানিস্তানৰ পাক্তিকা প্ৰদেশত আক্ৰমণ চলাইছিল।
ইছলামবাদে দাবী কৰে যে তেহৰিক-ই-তালিবান পাকিস্তানৰ বিদ্ৰোহীৰ ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছিল।