...

গোলাঘাটত মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণ

Spread the love

গোলাঘাটত মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণ

প্ৰতিবাদ ডিব্ৰুগড় জিলা বিজেপিৰ

চাইন অন ডেস্ক:

ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিয়ে সোমবাৰে গোলাঘাটত কংগ্ৰেছ কৰ্মীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দি মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অংশ হিচাপে বিজেপিয়ে জিলা সদৰৰ পৰা চৌকিডিঙী চাৰিআলিলৈ এক বৃহৎ সমাৱেশৰ আয়োজন কৰে।
এই সমাৱেশত অসমৰ মন্ত্ৰী প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিজেপিৰ জিলা সভাপতি দুলাল বৰা, বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ মেয়ৰ ছৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জল ফুকন, ডিডিএৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি শতাধিক বিজেপি কৰ্মী আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
মন্ত্ৰী প্ৰশান্ত ফুকনে এই কাণ্ডক তীব্ৰ গৰিহণা দি ইয়াক “হত্যাৰ চেষ্টা” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ বাবে নিৰাপত্তা বৃদ্ধিৰ আহ্বান জনায়।গোলাঘাটত কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপ কৰা বুলি অভিযোগ উত্থাপন কৰি ফুকনে এই কাৰ্যক কেৱল নিন্দনীয় নহয়, বিপদজনক আৰু অপৰাধমূলক প্ৰকৃতিৰ বুলিও অভিহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *