...

টাৱাৰৰ মাজৰ দলঙৰ অংশ ভাঙি গ’ল

Spread the love

টাৱাৰৰ মাজৰ দলঙৰ অংশ ভাঙি গ’ল

১৪ নং মহলাৰ পৰা পৰি অৱসৰপ্ৰাপ্ত বেংকাৰৰ মৃত্যু

 

গুৰগাঁওঃ

ফৰিদাবাদ ছেক্টৰ ৮৮ ৰ এটা আৱাসিক কমপ্লেক্সৰ দুটা টাৱাৰ সংযোগ কৰা এখন লোহাৰ দলঙৰ অংশত ভৰি দি ১৪ মহলাৰ পৰা পৰি মৃত্যুমুখত পৰে এজন ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ।
আৰক্ষীয়ে জনোৱা মতে, খুলৱন্ত সিঙে দলঙত ভৰি দিয়াৰ লগে লগে দলংখনত ফাট মেলে।যাৰ ফলত তেওঁ ফাঁকটোৰ মাজেৰে ১৪ মহলাৰ পৰা মাটিত সৰি পৰে।লগে লগেই মানুহ জনৰ মুখ হাত আৰু মূৰ কাটি যায়।দলংখনে আৰ পি এছ ছাভানা ছ’চাইটিৰ ৮ আৰু ৯ নং টাৱাৰক সংযোগ কৰিছিল।
মূলতঃ হিমাচল প্ৰদেশৰ সিঙে কেইবছৰমান পূৰ্বে পত্নীৰ মৃত্যুৰ পিছত একমাত্ৰ পুত্ৰ হৰ্ষিত নামৰ আই টি অভিযন্তা, বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে উক্ত এপার্টমেন্টটোত বাস কৰিছিল।তেওঁৰ দুগৰাকী কন্যা বিদেশত বাস কৰিছিল।এপার্টমেন্টটোত উপস্থিত হোৱা আৰক্ষীৰ এটা দলে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
প্ৰথমে অগ্নিনিৰ্বাপক বাহিনীৰ বাবে ডিজাইন কৰা এই দলংখনক আবাসী সকলে স্থায়ী বাগিচা হিচাপে পুনৰ ব্যৱহাৰ কৰিছিল।আৰক্ষী বিষয়াসকলে উল্লেখ কৰে যে বৰষুণৰ লগতে গছ-গছনিত নিয়মীয়াকৈ পানী দিয়াৰ ফলত সময়ৰ লগে লগে দলংখনত মামৰে ধৰিছিল।
ঘটনাৰ সময়ত পুৱা প্ৰায় ৮.৩০ বজাত সিঙৰ পৰিয়ালৰ লোক তেওঁলোকৰ ফ্লেটৰ ভিতৰত আছিল।১৫ বছৰ পূৰ্বে ভাৰতীয় ষ্টেট বেংকৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ সক্ৰিয় জীৱনশৈলীৰ বাবে সমাজত পৰিচিত আছিল।
এছ এইচ অ’ অৰবিন্দে কয় যে সিঙৰ পৰিয়ালে লোহাৰ দলঙত মামৰে ধৰাৰ বিষয়ে অৱগত কৰাৰ পিছতো ভ্ৰৰুক্ষে নকৰাৰ বিষয়ে অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে।তেওঁ লগতে কয় যে আমি বিষয়টোৰ সকলো দিশৰ পৰা তদন্ত কৰি আছো, য’ত ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা সমাজৰ আৰ ডব্লিউ এৰ সম্ভাৱ্য গাফিলতিও আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *