শিৱসাগৰত আজি ১৩ দিন গেছ নিৰ্গমন !
গেছৰ কূপ বন্ধ হবগৈ নে ? আমেৰিকান কোম্পানী সমৰ্থ হবগৈ নে ?
শিৱসাগৰৰ গেছৰ কূপ বন্ধ হবগৈ নে ? আজিও একেৰাহে ১৩ দিন ধৰি অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গত হৈ আছে। অ’এনজিচিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ এটা কূপত হোৱা ব্ল’আউটৰ ফলত চুক্তিবদ্ধ হোৱা আমেৰিকাৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ কাৰ্য্যকলাপৰ প্ৰথাক লৈ বিশেষকৈ ইয়াৰ কাৰিকৰী দক্ষতাক লৈও গুৰুতৰ উদ্বেগৰ স্বৃষ্টি হৈছে।
জানিব পৰা অনুসৰি, চৰম গেছৰ চাপত দুয়োটা বাধা বিকল হোৱা যেন অনুমান কৰা হৈছে বুলিও বিশেষজ্ঞসকলে ব্যক্তিগত অপাৰেটৰৰ প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। “বিঅ’পিসমূহ কূপটোৰ চাপৰ প্ৰফাইলৰ ওপৰত ভিত্তি কৰি ডিজাইন কৰা হয়, যিটো প্ৰাৰম্ভিক ড্ৰিলিং পৰ্যায়ত মূল্যায়ন কৰা হয়। অপাৰেটৰসকলে চাপক কেনেকৈ কম বুলি ধৰিব পাৰিলে ? কূপটোৰ ইতিহাসক আওকাণ কৰা হ’লনে ? অ’এনজিচি আৰু ব্যক্তিগত প্ৰতিষ্ঠানটোৰ মাজত যোগাযোগৰ ত্ৰুটি হৈছিল নেকি ?” ইত্যাদি অলেখ প্ৰশ্নই ব্যাপক চচা লভিছে।