...

উজনিৰ লগতে ডিব্ৰুগড়বাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ

Spread the love

উজনিৰ লগতে ডিব্ৰুগড়বাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ

২০ ছেপ্তেম্বৰৰ পৰা ইণ্ডিগ’ৰ তিনিখন নতুন বিমান

চাইন অন ডেস্ক:

উজনিৰ লগতে ডিব্ৰুগড়বাসী ৰাইজলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ !এতিৰে পৰা পুৱাই ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা উৰা মৰিব বিমান।দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হল মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত। আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়বাসী ৰাইজক পুৱাই বিমান সেৱাৰ উপলব্ধৰে উপকৃত কৰে।ডিব্ৰুগড়বাসীৰ দীৰ্ঘদিনীয়া অভাৱ বা দাবী আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাতিপুৱাই ডিব্ৰুগড়ৰ পৰা বিমান সেৱা এতিয়াৰে পৰা প্ৰৱৰ্তন কৰা হব।তেওঁ অভাৱ পূৰণ কৰি কয় যে ইণ্ডিগ’ৱে তিনিখনকৈ নতুন বিমান চলাচলৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দি কয় যে অহা ২০ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী-ডিব্ৰুগড় আৰু ডিব্ৰুগড়-গুৱাহাটীৰ মাজত পুৱাৰ ভাগত এখন অতিৰিক্ত বিমান চলিব,কিন্তু বাকী বিমান সেৱা একেই থাকিব।একেধৰণে অহা ২০ চেপ্তেম্বৰৰ পৰা গুৱাহাটী-শিলচৰ আৰু শিলচৰ-গুৱাহাটীৰ মাজতো চলিব পুৱাৰ বিমান চলিব।আনহাতে দিল্লী আৰু যোৰহাটৰ
মাজত এখন নতুন পোনপটীয়া(ডাইৰেক্ট) বিমান চলাচল কৰিব আৰু গুৱাহাটী আৰু নৱী মুম্বাইৰ মাজতো অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা আন এখন নতুন বিমান চলাচল কৰিব,যদিও চলাচলৰ সঠিক সময় বিমান পৰিবাহী সংস্থাই প্ৰদান কৰা নাই বুলি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মেলত জানিবলৈ দিয়ে।
সাংবাদিকে,মুখ্যমন্ত্ৰীক নিশাৰ ভাগত ডিব্ৰুগড়ৰ পৰা বিমান সেৱাৰ বাবে অনুৰোধ জনোৱাত পৰৱৰ্তী সময়ত ব্যৱস্থা কৰাৰ আস্বাস প্ৰদান কৰে।উল্লেখযোগ্য যে, আজিৰ সংবাদমেলত মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *