...

শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ গেছ নিৰ্গত কাণ্ড

Spread the love

শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ গেছ নিৰ্গত কাণ্ড

চি এম ৰিলিফ ফাণ্ডৰ পৰা ভূক্তভোগী পৰিয়ালক ২৫ হাজাৰ টকা দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰয়োজনত আৰু দিম,এয়া কিন্তু ক্ষতিপূৰণ নহয়ঃ মুখ্যমন্ত্ৰী ড° শৰ্মা

চাইন অন ডেস্ক:

শিৱসাগৰৰ ভটিয়াপাৰত শেহতীয়াকৈ অ’এনজিচিৰ গেছ নিৰ্গত হোৱা কাণ্ডক সম্বোধন কৰি ডাঃ শৰ্মাই পৰিস্থিতিক অতি গুৰুতৰ বুলি অভিহিত কৰাৰ সময়তে অৱগত কৰে যে এই কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত প্ৰায় ৩৫০টা পৰিয়াল বৰ্তমান সাহায্য শিবিৰত বাস কৰি আছে।তেওঁ কয় যে অসমৰ মুখ্য সচিবে ইতিমধ্যে অ’এনজিচিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিঙৰ সৈতে কথা পাতিছে আৰু গেছ নিৰ্গত হোৱা নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ পৰা এজন বিশেষজ্ঞক অনাৰ প্ৰচেষ্টা অব্যাহত আছে।
আজি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্স কৰি কণ্টেইনমেণ্ট ব্যৱস্থাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বিষয়ে আলোচনা কৰাৰ কথা।তাৎক্ষণিক সহায় হিচাপে মুখ্যমন্ত্রীয়ে এই ধনৰাশি চূড়ান্ত ক্ষতিপূৰণ নহয় বুলি স্পষ্ট কৰি মুখ্যমন্ত্রীয়ে চি এম ৰিলিফ ফাণ্ডৰ পৰা ২৫ হাজাৰ টকাৰ অন্তৱৰ্তীকালীন সকাহ দিয়াৰ কথা ঘোষণা কৰে।তেওঁ লগতে কয়, “প্ৰয়োজন হ’লে মই ব্যক্তিগতভাৱে শিৱসাগৰলৈ উভতি যাম।” উল্লেখ কৰিব পাৰি যে পৰিস্থিতিৰ মাধ্যাকৰ্ষণীয়তা উপলব্ধি কৰি মুখ্যমন্ত্রীয়ে কালি সন্ধিয়া সন্ধিয়া পৰিস্থিতিৰ বুজ ল’বলৈ শিৱসাগৰলৈ ঢাপলি মেলিছিল৷
আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত আয়োজিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশদ বৰ্ণনা দি কয়–যাৰ যাৰ ক্ষতি হৈছে পৰিৱেশ শাম কটাৰ পিছত ৰাইজে নিশ্চয় ক্ষতিপূৰণো বিছাৰিব,সেই ক্ষতিপূৰণ আমি কেনেকৈ দিব পাৰিম,তাৰ বিষয়েও মই অএনজিচি আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ লগত আজি গধুলি গুৱাহাটীত গৈ কথা পাতিম।বহু বিলাক ৰাইজ কেম্পত আছে,কোনোবা আত্মীয়ৰ ঘৰত আছে,ঘৰৰ পৰা তেওঁলোকে কাপোৰ-কানি খিনিও আনিব পৰা নাই।কাৰণ তাৰ ওচৰত ভীষণ তাপ হৈছে,ওচৰলৈকো যাব নোৱাৰি।ক্ষতিপূৰণৰ বিষয়টো আমি আলোচনা কৰি থাকিম।
আজি মই এতিয়া মুখ্যমন্ত্ৰী সাহায্য পুজিৰ পৰা তেওঁলোকলৈ ২৫ হাজাৰ টকা এটা কাপোৰ-কানিৰ লগতে লাগতিয়াল বয়-বস্তু যাতে কিনিব পাৰে বা লৰা-ছোৱালীৰ কিতাপ পত্ৰ কিনিব পাৰে,তাৰ বাবেই মই এটা সামান্য বৰঙনি আগবঢ়াম।কিন্তু ইয়াৰ লগত ক্ষতিপূৰণৰ কোনো সৰ্ম্পক নাই।সেইটো মুখ্যমন্ত্ৰীৰ সাহায্য পুজিৰ পৰা আগবঢ়োৱা এটা সৰু ব্যৱস্থা।আৰু যদি প্ৰয়োজন হয়,মোৰ ফালৰ পৰা মই সহায় কৰিম।কিন্তু ক্ষতিপূৰণৰ মূখ্য বিষয়টো অএনজিচিৰ লগতহে সমাধান কৰিব লাগিব।প্ৰথম কামটো হৈছে যাতে গেছ নিৰ্গমন বা ৱেলটো বন্ধ কৰিব পাৰো।দিত্বীয় কামটো হৈছে আমি যাতে পৰিয়াল কেইটাক ক্ষতিপূৰণ দিব পাৰো।
উল্লেখ্য যে কালি লক্ষীমপুৰৰ পৰা পোনে পোনেই নিশা শিৱসাগৰৰ ভটিয়াপাৰাৰ অএনজিচিৰ গেছ নিৰ্গমনৰ ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাস্থলীৰ ভূক্তভোগী সকলৰ অৱস্থাৰ বুজ লয়।যোৱা ১২ জুনৰ পৰাই এই ঘটনা সংঘটিত হোৱা বুলি সদৰী কৰি আজিৰ দিনটোত প্ৰায় ৩৫০ টা পৰিয়াল আশ্ৰয় শিবিৰত থকাৰ লগতে বহু উৎকণ্ঠাৰ মাজেৰে অতিবাহিত কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।আজি ৰাতিপুৱা ৰাজ্যৰ মুখ্য সচিবে অএনজিচিৰ চেয়াৰমেনৰ লগত আলাপ আলোচনা কৰাৰ লগতে চেয়াৰমেন গৰাকীয়ে নিজে শিৱসাগৰলৈ অহাৰ কথা ব্যক্ত কৰা বুলি উল্লেখ কৰি আমেৰিকাৰ পৰা এজন বিশেষজ্ঞ মতাৰ কথাও ৰাজ্যৰ মুখ্য সচিবক জানিবলৈ দিয়ে আৰু তেওঁলোক আশাবাদী যে ৱেলটো খুউব সোনকালেই বন্ধ কৰিব পৰা হব।কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰনালয়ৰ লগতো মুখ্য সচিব গৰাকীয়ে কথা-বতৰা পতাৰ কথা জানিবলৈ দি কয় যে যিমান সোনকালে পাৰে,সিমান সোনকালেই এই ব্যৱস্থাখিনি গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *