এই চাৰিজনে মঙলবাৰে বিয়লিৰ ভিতৰত Axiom-4 কেপচুলৰ জৰিয়তে মহাকাশলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু ইছৰোৱে শেষ মুহূৰ্তত অনুকূল বতৰৰ বাবে এই অভিযান ২৪ ঘণ্টাৰ বাবে পিছুৱাই দিয়ে।
জানিব পৰা মতে, বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাত Axiom-4 যাত্ৰা আৰম্ভ হ’ব। এই যাত্ৰাৰ দৃশ্য ইছৰোৰ ছ’চিয়েল মিডিয়া পেজত লাইভ সম্প্ৰচাৰ কৰা হ’ব। আশীৰ দশকৰ প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পিছত ইতিহাস ৰচনাৰ পথত আগবাঢ়া সুভাংশু শুক্লাৰ এই যাত্ৰা সমগ্ৰ দেশেই সাক্ষী হ’ব।
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুসপ্তাহ কটাব Axiom-4 ৰ চাৰিগৰাকী মহাকাশচাৰীয়ে। তাৰ পৰা উভতি অহাৰ পিছত সেই অভিজ্ঞতাৰেই সুভাংশুৱে ভাৰতৰ নিজা মহাকাশ অভিযান গগনযানতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।