...

কণমানি কেচুঁৱাৰ দৰে খেলপথাৰতে কান্দি উঠিল কো’হলী

Spread the love

কণমানি কেচুঁৱাৰ দৰে খেলপথাৰতে কান্দি উঠিল কো’হলী

 

অনুষ্কাক আলিংগন কৰিহে হ’ল শান্ত হল ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
আইপিএল ২০২৫ৰ ফাইনেলত আৰ চি বিৰ জয়ৰ পাছত কান্দি উঠিল বিৰাট কোহলী,ভাইৰেল হৈ পৰিছে ভিডিঅ’

আহমেদাবাদঃ

কণমানি কেচুঁৱাৰ দৰে খেলপথাৰতে উচুপি উঠিল কো'হলী।
অনুষ্কাক আলিংগন কৰিহে হ'ল শান্ত হল ! সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
আইপিএল ২০২৫ৰ ফাইনেলত আৰ চি বিৰ জয়ৰ পাছত কান্দি উঠিল বিৰাট কোহলী,ভাইৰেল হৈ পৰিছে ভিডিঅ’।আইপিএল ২০২৫ৰ ফাইনেলত 
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)য়ে পাঞ্জাব কিংছক মাত্ৰ ৬ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ খিতাপ জয় কৰে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী 
ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই ৰোমাঞ্চকৰ 
খেলত RCB-এ ১৯০/৯ ৰাণ কৰিছিল আৰু পাঞ্জাব ১৮৪/৭ ৰাণতে সীমাবদ্ধ হৈ থাকিব লগাত পৰে ।

এই ঐতিহাসিক জয়ৰ পাছতে বিৰাট কোহলী অতি আবেগিক হৈ পৰে।তেওঁ মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰে । ১৮ বছৰ ধৰি RCBৰ সৈতে সংযুক্ত থকা কোহলীৰ বাবে এই খিতাপ জয় কৰাটো বিশেষ গুৰুত্বপূৰ্ণ আছিল ।

খেলৰ অন্তত তেওঁৰ পত্নী অনুষ্কা শৰ্মাক আলিংগন কৰাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে । আনকি অনুষ্কা শৰ্মাক আলিংগন কৰি এটা সৰু কেচুঁৱাৰ দৰে কান্দি উঠা দেখা গৈছে বিৰাট কোহলীক ।

সামাজিক মাধ্যমত কোহলীৰ কান্দি থকা ভিডিঅ’ ইতিমধ্যে লক্ষাধিক মানুহে ভাগ-বতৰা কৰিছে । বহুতো অনুৰাগী আৰু ক্ৰীড়া বিশেষজ্ঞই তেওঁক ‘‘প্ৰকৃত যোদ্ধা’’ বুলিও অভিহিত কৰিছে ।

কোহলীয়ে কয়, “মই মোৰ যৌৱন, মোৰ সকলো শক্তি এই দলৰ বাবে উজাৰি দিছো । এই জয় মোৰ সপোন আছিল ।” RCBৰ এই জয় কেৱল এটা খিতাপ নহয়, বিৰাট কোহলীৰ ক্ৰিকেট জীৱনৰ এক সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত হিচাপে চিহ্নিত হ’ল । এই দৃশ্য সকলো ক্রিকেট অনুৰাগীৰ বাবে চিৰস্মৰণীয় হৈ থাকিব ।

উল্লেখ্য যে, ১৮ বছৰীয়া আই পি এলৰ ইতিহাসত আৰ চি বিয়ে আই পি এলৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । এইটো আছিল আৰচিবিৰ চতুৰ্থখন ফাইনেল । য’ত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছে আৰ চি বিয়ে । ইয়াৰ পূৰ্বে ২০০৯, ২০১১ আৰু ২১০৬ চনত ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *