...
Spread the love

গুৱাহাটীৰ হোম ষ্টে’ত দিনে-ৰাতিয়ে কি চলে ?

ৰূমে ৰূমে অসংযত অৱস্থাত ল’ৰা-ছোৱালীঃমদৰ বটল আৰু বহুত আপত্তিজনক সামগ্ৰী !

ভৱিষ্যত প্ৰজন্ম আজি কোন দিশে ধাৱমান ? সেয়া এক লাখটকীয়া প্ৰশ্ন ?

 

চাইন অন ডেস্কঃ

চোৰ যদি আগে আগে ! পুলিচ আকৌ পিছে পিছে ! অপৰাধীক ধৰিও যেন অপৰাধ কমাব পৰা নাই।নিতৌ ন ন কৌশল। OYO হোটেলত অসামাজিক কাৰ্যকলাপ বৃদ্ধি হোৱাত,প্ৰশাসন কঠোৰ হোৱাত এতিয়া টাৰ্গেট “হোম ষ্টে” বিলাকত।ঘন্টা হিচাপত লৰা-ছোৱালীয়ে সময় পাৰ কৰে।কোনোৱে আকৌ সমগ্ৰ নিশাই উদযাপনৰ নামত ব্যাভিচাৰত লিপ্ত হোৱাৰো অভিযোগ আছে।যাৰ বাবেই
অপৰাধ, অসাধু কাৰ্যকলাপৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। মহানগৰীৰ চুকে-কোনে যেন প্ৰতিদিনে সংঘটিত হৈ আছে বহু অনৈতিক কামকাজ । হোটেল, স্পা-পাৰ্লাৰ আদিত প্ৰায়ে পোহৰলৈ আহে এনে কিছু ঘটনা । এইবাৰ এনে অনৈতিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে একাংশ হোম ষ্টে’ ।

 

গুৱাহাটীৰ হোম ষ্টে’ত প্ৰকৃততে কি হৈ আছে তাৰ বিষয়েও আপুনি সজাগ হ’বৰ হ’ল।কিয়নো এতিয়া হোম ষ্টে’ত থকা আপোনাৰ সন্তানে হয়তো আপোনাৰ চকুত ধূলি দি লিপ্ত হব পাৰে বহু অনৈতিক কাৰ্যত। এইবাৰ চৰ্চালৈ আহিছে গুৱাহাটীৰ গেম ভিলেজৰ A-15 ব্লকৰ ৪ নং ফ্লেট।সোমবাৰে নিশা বশিষ্ঠ আৰক্ষীয়ে গেম ভিলেজত চলালে অভিযান। অভিযানত অসংযত অৱস্থাত উদ্ধাৰ হয় ১১ গৰাকী যুৱক-যুৱতী।
প্ৰতিৱেশীয়ে দিয়া অভিযোগৰ ভিত্তিত এই অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে। প্ৰতিৱেশীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি হোম ষ্টে’টোত অনৈতিক কাৰ্যকলাপ চলি আছিল । প্ৰতি নিশাই দুপৰ নিশালৈ চলে পাৰ্টী, শুনা যায় উচ্চস্বৰৰ সংগীত । অতিষ্ঠ হৈ প্ৰতিৱেশীয়ে প্ৰথমে অভিযোগ দিছিল গেম ভিলেজৰ ছ’চাইটিক।পিছত গেম ভিলেজৰ ছ’চাইটিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীক অৱগত কৰে ।
লগে লগে প্ৰতিৱেশীৰ অভিযোগৰ ভিত্তিতেই গেম ভিলেজৰ হোম ষ্টে’টোত নিশা আৰক্ষীয়ে চলালে অভিযান । সেই অভিযানত ১১ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ কৰা হয় অসংযত অৱস্থাত ।

 

জানিব পৰা মতে গেম ভিলেজৰ A-15 ব্লকৰ ৪নং ফ্লেটটোৰ গৰাকী হৈছে হেম চন্দ্ৰ কলিতা । কলিতাই নিজৰ ফ্লেটত খুলিছিল হোম ষ্টে’। কিন্তু হোম ষ্টে’ খোলাৰ কথা জনোৱা নাছিল গেম ভিলেজৰ ছ’চাইটিক।পিছে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছতহে পোহৰলৈ আহে হোম ষ্টে’ খোলাৰ কথা ।
এগৰাকী প্ৰতিৱেশীয়ে ঘটনা সন্দৰ্ভত কয়,”আজি দুই চাৰিদিনৰ পৰা কিছুমান ল’ৰা-ছোৱালী আহে, গোটেই ৰাতি মদ খাই উৎপাত কৰি বটল ভাঙে। আজি আমি আহিছোঁ, দুৱাৰ জোৰকৈ খোলাইছোঁ । ৰূমে ৰূমে ছোৱালী পাইছোঁ দুই-তিনিজনীকৈ, ল’ৰা পাইছোঁ, মদৰ বটল আৰু বিভিন্ন বস্তু পাইছোঁ । এতিয়ালৈ ৪ জনী ছোৱালী আৰু পাঁচজন ল’ৰা আৰু যিজনে হোম ষ্টে’টো চলাই আছে তেওঁকো ধৰা হৈছে ।”
স্বাভাৱিকতেই এনে অসামাজিক কাৰ্যকলাপে প্ৰকৃততে কি উদঙাই দিছে বাৰু ? ভৱিষ্যত প্ৰজন্ম আজি কোন দিশে ধাৱমান ? সেয়া এক লাখটকীয়া প্ৰশ্ন।

Leave a Reply

Your email address will not be published. Required fields are marked *