...
Spread the love

আজি বাজপেয়ী ভৱনত বিজেপিৰ নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক

 

চাইন অন ডেস্কঃ

আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে শাসকীয় বিজেপিৰ। মঙলবাৰে ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব এই বৈঠক।
এই বৈঠকত নিৰ্বাচনী কমিটিৰ সকলো বিষয়-ববীয়াৰ উপৰিও বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বৈঠকত। বৈঠকত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *