১০ ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাবঃমুখ্যমন্ত্ৰী
প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ ধন্যবাদ নালাগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ গৌৰৱ গগৈয়ে এই ধন্যবাদ কিয় দিব নালাগে,তাৰ কাৰণো বাখ্যা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।ইয়াৰ বাবে মাথো ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব বুলি পুনৰ উনুকিয়ালে মুখ্যমন্ত্ৰীয়ে।
গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কৈছিল, “যোৱা দুই-আঢ়ৈ বছৰে মুখ্যমন্ত্ৰীয়ে মোক কৰা সমালোচনাৰ বাবেই মই সভাপতিৰ দায়িত্ব পালো । মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেঁতেন, তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক ইমান আস্থাত নল’লেহেঁতেন।তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে ।”
গৌৰৱৰ কটাক্ষ ভৰা ধন্যবাদৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “১০ ছেপ্টেম্বৰত মই যি ক’ব লাগে কম ৷ তেখেতে মোক ধন্যবাদ দি লাভ নাই । তেখেতক অসমৰ মানুহে ভালদৰে ধন্যবাদ দিব ৷” বৰঝাৰ বিমান বন্দৰৰ ওচৰৰ গৰলত দুৰ্গা মন্দিৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰি এইদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । গৰল তালুকৰ দুৰ্গা মন্দিৰৰ মণিকূট নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে ।