...

পঞ্জাব নে বেংগালুৰু ! ১৭ বছৰে দেখা সপোন পূৰণ হোৱাৰ দিশে

Spread the love

 

পঞ্জাব নে বেংগালুৰু ! ১৭ বছৰে দেখা সপোন পূৰণ হোৱাৰ দিশে

পঞ্জাব আৰু বেংগালুৰুৰ মাজত ৩ জুনত হ’ব ফাইনেল
আই পি এলে এইবাৰ এটা নতুন বিজয়ী দল লাভ কৰিব

 

চাইন অন ডেস্কঃ

২০০৮ চনৰ পৰাই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছিল । প্ৰায় ১৭ বছৰীয়া পৰিক্ৰমাত এইবাৰ এটা নতুন দলৰ সপোন পূৰণ হ’ব । হয়তো পঞ্জাব নহ’লে বেংগালুৰু ! দুয়োটা দলৰে খিতাপৰ তালিকা এতিয়া শূন্য । কিন্তু কোৱালিফায়াৰৰ অন্তিমখন মেচত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি পঞ্জাব কিংছে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সকলোৰে উৎকণ্ঠা বাঢ়িছে। কাৰণ এতিয়ালৈ পঞ্জাব দলে এবাৰো আই পি এলৰ খিতাপ লাভ কৰিব পৰা নাই । আনহাতে ইতিমধ্যে ফাইনেলত স্থান সুৰক্ষিত কৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ খিতাপ জয়ৰ সপোনো আজিলৈ পূৰণ হোৱা নাই । ৩ জুন অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেল । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিশ্চিত হ’ব কোনটো নতুন দল হ’ব বিজয়ী ।

পঞ্জাব বনাম মুম্বাই

উল্লেখ্য যে দেওবাৰে কোৱালিফায়াৰৰ অন্তিম মেচখনত অৱতীৰ্ণ হৈছিল মুম্বাই আৰু পঞ্জাব । নিৰ্ণায়ক মেচখনত পঞ্জাবৰ সন্মুখত আছিল ২০৪ ৰাণৰ বৃহৎ লক্ষ্য । প্ৰথমে ক্ৰিজলৈ আহি প্ৰভচিমৰণ সিং আৰু প্ৰিয়াংশ আৰ্য্যই দলটোক বিশেষ আগুৱাই লৈ যাব নোৱাৰিলে । ৫৫ ৰাণতে দলটোৱে ২ টাকৈ উইকেট হেৰুৱায় । কিন্তু পঞ্জাবৰ শক্তিশালী মিডল অৰ্ডাৰে দলটোক বিজয়ৰ দিশে লৈ গ’ল। বিশেষকৈ জছ ইংলিছে ২১ টা বলত ৩৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে নেহাল ৱাদেৰাই ২০০ ষ্ট্ৰাইক ৰেটেৰে ৪৮ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে ।

অৱশ্যে কাম তেতিয়াও সম্পূৰ্ণ হোৱা নাছিল আৰু আধৰুৱা কাম সম্পূৰ্ণ কৰিলে দলটোৰ অধিনায়ক শ্ৰেয়স আয়াৰে । দলটোক শেষৰ ৪ অভাৰত ৪১ ৰাণৰ প্ৰয়োজন আছিল । শ্ৰেয়সে যেনেদৰে য়ৰ্কাৰ বলবোৰক বাউণ্ডেৰীলৈ পঠিয়াবলৈ ধৰিলে তেতিয়াই মুম্বাইৰ হতাশা আৰম্ভ হ’ল । ২ অভাৰত পঞ্জাবক ২৩ ৰাণৰ প্ৰয়োজন আছিল। অৱশ্যে শ্ৰেয়সক দেখিলে এনেকুৱা লাগিছিল যেন তেওঁৰ ওপৰত কোনো চাপ নাছিল । এটাৰ পিছত এটা ছিক্সাৰ কোবাই শ্ৰেয়সে অৱশেষত দলটোক আই পি এলৰ ফাইনেলৰ ৰাস্তা দেখুৱালে । শ্ৰেয়সৰ ৪১ টা বলত অপৰাজিত ৮৭ ৰাণৰ ইনিংছ পঞ্জাব দলটোৰ বাবে ঐতিহাসিক হৈ ৰ’ল । ৫ টা উইকেটত জয়ী হৈ পঞ্জাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰে।

উল্লেখ্য যে খেলখনত পঞ্জাবে টছত জয়ী হৈ ফিল্ডিং কৰিছিল। মুম্বাইৰ হৈ ৰোহিত শৰ্মাৰ অৱদান মাত্ৰ ৮ ৰাণৰ আছিল । মুম্বাইৰো মিডল অৰ্ডাৰে কিছু অৱদান আগবঢ়াইছিল । দলটোৰ হৈ জনী বেয়াৰষ্ট’ৱে ৩৮ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলাৰ বিপৰীতে তিলক বাৰ্মা আৰু সূৰ্য্যকুমাৰ যাদৱেও প্ৰত্যকে ৪৪ ৰাণকৈ সংগ্ৰহ কৰে । নমন ধীৰেও ১৮ টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে । সামূহিক বেটিং প্ৰচেষ্টাই মুম্বাইক প্ৰথম ইনিংছত স্ক’ৰব’ৰ্ডত ২০৩/৬ ৰাণ সংগ্ৰহ কৰাত সহায় কৰে । অৱশ্যে সেই প্ৰচেষ্টা পঞ্জাবৰ বেটিং অৰ্ডাৰৰ সন্মুখত যথেষ্ট নহ’ল ।

Leave a Reply

Your email address will not be published. Required fields are marked *