ৰাজ্যত বানত শিশুসহ ৩ জন আৰু ভূমিস্খলনত ৫ জন লোকৰ মৃত্যু
চাইন অন ডেস্কঃ
ৰাজ্যত বিগত ২৪ ঘন্টাত বান আৰু ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে নিশা প্ৰকাশ কৰে এই তথ্য ৷ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি বানত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনত ৫জন লোকৰ মৃত্যু হয় ।
বানত গোলাঘাট জিলাত এটি শিশুসহ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে লখিমপুৰ জিলাত এজন লোকৰ মৃত্যু হয় । আনহাতে কামৰূপ (মেট্ৰ’) জিলাত ভূমিস্খলনৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱায় আৰু দুজন লোক আহত হয় ।
অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ পিছত ৰাজ্যখনৰ ১২খন জিলা ক্ৰমে ধেমাজি, দক্ষিণ শালমাৰা, লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট, দৰং, নগাঁও, কাৰ্বি আংলং, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, কাৰ্বি আংলং (পশ্চিম)ৰ ২০ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭৫ খন গাওঁ বানৰ ফলত প্ৰভাৱিত হয় ।