ৰাজ্যত বানত শিশুসহ ৩ জন আৰু ভূমিস্খলনত ৫ জন লোকৰ মৃত্যু
চাইন অন ডেস্কঃ
ৰাজ্যত বিগত ২৪ ঘন্টাত বান আৰু ভূমিস্খলনৰ ফলত ৮ জন লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শনিবাৰে নিশা প্ৰকাশ কৰে এই তথ্য ৷ প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি বানত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনত ৫জন লোকৰ মৃত্যু হয় ।
বানত গোলাঘাট জিলাত এটি শিশুসহ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে লখিমপুৰ জিলাত এজন লোকৰ মৃত্যু হয় । আনহাতে কামৰূপ (মেট্ৰ’) জিলাত ভূমিস্খলনৰ ফলত ৫জন লোকে প্ৰাণ হেৰুৱায় আৰু দুজন লোক আহত হয় ।