...

আজিহে মুকলি আকাশৰ তললৈ শংকৰজ্যোতি

Spread the love

আজিহে মুকলি আকাশৰ তললৈ শংকৰজ্যোতি

৮ দিনৰ অন্তত আজি কাৰাগাৰৰ বাহিৰলৈ

শংকৰজ্যোতি বৰুৱাক অন্তৱৰ্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বিএনসিং পেট্ৰল পাম্প কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

চাইন অন ডেস্কঃ

আজিহে মুকলি আকাশৰ তললৈ আহিব শংকৰজ্যোতি বৰুৱা।
অৱশেষত জামিন লাভ কৰাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আজি মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হৈছে। দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত দুটা ফৈদৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত অভিযোগ মতে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাক আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে। শংকৰজ্যোতি বৰুৱাক আজি গুৱাহাটী ন্যায়ালয়ে ৩০ হাজাৰ টকা বেইল বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ কথা অধিবক্তাই জানিবলৈ দিছে।বিগত প্ৰায় ৮ দিন ধৰি কাৰাগাৰত থকাৰ পাছত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছতে শংকৰজ্যোতি বৰুৱা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হৈ পৰিছে।ইফালে কাইলৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে অধিবক্তা বিকাশ প্ৰসাদে। ইতিমধ্যে ডিব্ৰুগড় আদালতৰ পৰাই দুলীয়াজান থানাত ৰুজু হোৱা ৯০/২০২৫ নম্বৰৰ গোচৰটোত জামিন লাভ কৰিছিল শংকৰজ্যোতি বৰুৱাই।কিন্তু জামিন পোৱাৰ একেসময়তে দুলীয়াজান থানাত ৰুজু হোৱা আনটো গোচৰ ৮৯/২০২৫ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই গোচৰটোৰ জামিনৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। ইফালে শংকৰজ্যোতি বৰুৱাক জামিন প্ৰদান কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আজি ডিব্ৰুগড়ত সাংবাদিকে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত লুৰিণজ্যোতি গগৈয়ে কয়, উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাক অৱমাননা আৰু মানৱাধিকাৰ বিষয়বস্তুক একাষৰীয়া কৰি হেণ্ডকাফ লগাই চোঁচৰাই নিয়াটো আমি বিৰোধিতা কৰিছোঁ। শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল। এইটোক লৈ সকলোৱে প্ৰতিবাদ কৰিছিল আৰু বিৰোধিতা কৰিছিল। ন্যায় ব্যৱস্থাৰ প্ৰতি আমি আশাবাদী আছিলোঁ। ন্যায়ালয়ে বিষয়টো পৰ্যালোচনা কৰি ন্যায় প্ৰদান কৰিছে। ন্যায়ালয়ে যেতিয়ালৈকে ৰায় নিদিয়ে কোনো ব্যক্তিক দোষী সাব্যস্ত কৰিব নালাগে। ন্যায়ালয়ে সকলো ধৰণৰ প্ৰমাণ, তথ্য পৰ্যালোচনা কৰি সিদ্ধান্ত ল’ব। দেশত আইনৰ শাসন চলিব লাগে। আইনৰ শাসন সংকটত পৰাৰ কাৰণেহে সমাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। গতিকে আইনৰ শাসন প্ৰতিষ্ঠা হ’ব লাগে। আইনৰ প্ৰতি সকলো মানুহৰ শ্ৰদ্ধা থাকিব লাগে বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *