১৯ জুনত অনুষ্ঠিত হ’ব অসম আৰু তামিলনাডুৰ পৰা দ্বি-বাৰ্ষিক ৰাজ্যসভা নিৰ্বাচন
চাইন অন ডেস্কঃ

অসমৰ পৰা দুজন সদস্য ক্ৰমে—মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অহা ১৪ জুন ২০২৫ তাৰিখে অৱসৰ ল’ব।তামিলনাডুৰ পৰা ছয়জন সদস্য—ড. আনবুমণি ৰামডোছ, থিৰু,এম শ্বানমুগাম, থিৰু।এন চন্দ্ৰশেঘৰ থিৰু,এম মহম্মদ আব্দুল্লা, থিৰু,পি উইলছন, আৰু থিৰু ভাইকো—২০২৫ চনৰ ২৪ জুলাইত অৱসৰ ল’ব।
নিৰ্বাচন আয়োগৰ ২৬ মে’ ২০২৫ তাৰিখৰ প্ৰেছ নোট অনুসৰি নিৰ্বাচনৰ সময়সূচী এনেধৰণৰ–
•অধিসূচনা জাৰি কৰা: ০২.০৬.২০২৫
•মনোনয়নৰ অন্তিম তাৰিখ: ০৯.০৬.২০২৫
•মনোনয়ন পত্ৰৰ পৰীক্ষা: ১০.০৬.২০২৫
•প্ৰাৰ্থী প্ৰত্যাহাৰৰ শেষ তাৰিখ: ১২.০৬.২০২৫
•নিৰ্বাচনৰ তাৰিখ: ১৯.০৬.২০২৫
•ভোট গ্ৰহণ কৰাৰ সময়: পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ
•ভোট গণনা: ১৯.০৬.২০২৫ তাৰিখে সন্ধিয়া ৫ বজাত
•নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব: ২৩.০৬.২০২৫ চনৰ ভিতৰত
আয়োগে উল্লেখ কৰিছে যে ৰাজ্য পৰিষদত মসৃণ পৰিৱৰ্তন আৰু ধাৰাবাহিকতা নিশ্চিত কৰাৰ স্বাৰ্থত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।