জয় বিকাশ(আই এ এছ)ক অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিবৰ লগতে ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপেও সংযুক্ত কৰা হৈছে
চাইন অন ডেস্কঃ
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত উপ সচিব হিচাপে নিযুক্তি
শেহতীয়াকৈ জনসেৱাৰ স্বাৰ্থত আৰম্ভ হোৱা আমোলাতন্ত্ৰিক সালসলনিত অসম চৰকাৰে ২০২১ বৰ্ষৰ বেচৰ দুজন আই এ এছ বিষয়াক বদলি কৰি অধিসূচনা জাৰি কৰিছে।
এই নিৰ্দেশ অনুসৰি উত্তৰ ছালমাৰাৰ সহ-জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জয় বিকাশ(আই এ এছ)ক বদলি কৰি অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব হিচাপে নিযুক্তি দিয়া হৈছে।তেখেতক ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপেও সংযুক্ত কৰা হৈছে।
একেদৰে বিলাসীপাৰাৰ সহ-জিলা আয়ুক্ত সৃষ্টি সিঙ (আই এ এছ)ক অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উপ-সচিব হিচাপে নিযুক্তি দিয়া হৈছে, লগতে শিলচৰ পৌৰ নিগমৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।
অসম সচিবালয়ৰ কৰ্মচাৰী বিভাগ (পাৰ্ছনেল-এ)ৰ পৰা অসম চৰকাৰৰ সচিব মনিতা বৰগোহাঁয়ে জাৰি কৰা অধিসূচনাত প্ৰকাশ।