নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক ২০২৭-২০২৮ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি নিৰ্মাণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে
নতুন দিল্লী:
বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক উত্তৰ ব্লকৰ কাৰ্যালয়ত সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসমৰ বৃদ্ধিৰ ট্ৰেজেক্টৰী আৰু ২০২৭-২০২৮ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি নিৰ্মাণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে এক্সৰ লৈ মুখ্যমন্ত্ৰীয়ে সদৰি কৰে, “আজি নতুন দিল্লীত মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জীক সাক্ষাৎ কৰাটো এক সৌভাগ্যৰ কথা।” অসমৰ বৃদ্ধিৰ ট্ৰেজেক্টৰী, দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্যসমূহৰ ভিতৰত ই কেনেদৰে আত্মপ্ৰকাশ কৰিছে আৰু ২০২৭-২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি জিএছডিপি গঢ়ি তোলাৰ আমাৰ পৰিকল্পনাৰ সন্দৰ্ভত আলোচনাত মিলিত হওঁ।” এই আলোচনাৰ সময়ছোৱাত বিত্ত মন্ত্ৰালয় আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।