...

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ জামিন মঞ্জুৰ

Spread the love

আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ

চাইন অন ডেক্সঃ ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ৰ একাধিক ধাৰাত পঞ্জীয়নভুক্ত দুলীয়াজান পি এছ কেছ নং ৯০/২০২৫ৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক আজি গ্ৰেপ্তাৰ কৰা হয়। ১৯৭(১)(গ), ১৯৭(১)(ঘ), ৩(৫), ৩৫২, ৩৫৩(১)(খ), ৩৫৩(১)(গ), আৰু ৩৫৩(২) বৰুৱাক প্ৰথমে কালি জেৰাৰ বাবে আটক কৰি আজি আনুষ্ঠানিকভাৱে জিম্মাত লোৱা হয়।

ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত তেওঁক জামিন প্ৰদান কৰা হয়। আৰক্ষীয়ে তিনিদিনৰ ৰিমাণ্ড বিচাৰিছিল যদিও আদালতে এই অনুৰোধ নাকচ কৰে।

অৱশ্যে মুক্তিৰ কিছু সময়ৰ পাছতেই বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে একেটা ঘটনাৰ সৈতে জড়িত আন এটা গোচৰ দুলীয়াজান পি এছ কেছ নং ৮৯/২০২৫ৰ সৈতে। বৰ্তমান অধিক আইনী প্ৰক্ৰিয়া চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *