নিশা ১০ বজাৰ পিছত সাংস্কৃতিক অনুষ্ঠান নহব !
অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জিলা আয়ুক্তৰ
চাইন অন ডেস্ক,২৪নৱেম্বৰ:
বৰপেটা জিলাত নিশা ১০ বজাৰ পিছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা।
নিশা ১০ বজাৰ পিছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছে বৰপেটা জিলা আয়ুক্তই।
বৰপেটা জিলাত নিশা ১০ বজাৰ পিছত কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।
সংগীতানুষ্ঠান, মঞ্চ অনুষ্ঠান আৰু অন্যান্য মনোৰঞ্জনমূলক কাৰ্যসূচী নিশা ১০ বজাৰ ভিতৰত সামৰিব লাগিব।
মেলা আৰু অনুষ্ঠানৰ আয়োজক সমিতিসমূহে নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব।
বিশেষ পৰিস্থিতিত জিলা দণ্ডাধীশৰ পূৰ্বলিখিত অনুমতি সাপেক্ষেহে ৰেহাই লাভ কৰিব পাৰিব।
নিৰ্দেশনা উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
২৩ নৱেম্বৰ ২০২৬ৰ পৰা তিনি মাহৰ বাবে এই নিৰ্দেশনা বলৱৎ থাকিব।
এইক্ষেত্ৰত জিলা আয়ুক্তই চাৰিতকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে-
বৰপেটা জিলাৰ সমগ্ৰ এলেকাত সকলো সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান, মঞ্চ অনুষ্ঠান আৰু অন্যান্য মনোৰঞ্জনমূলক কাৰ্যসূচী নিশা ১০ বজাৰ ভিতৰত সমাপ্ত কৰিব লাগিব।
সকলো আয়োজক সমিতি, অনুষ্ঠানৰ আয়োজক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব লাগিব।
উক্ত নিষেধাজ্ঞাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা বা ৰেহাই কেৱল বৰপেটাৰ জিলা দণ্ডাধীশৰ পূৰ্বলিখিত অনুমতি সাপেক্ষেহে প্ৰদান কৰা হ’ব।
বৰপেটা জিলাৰ অন্তৰ্গত সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে (OC) এই নিৰ্দেশনা আখৰে আখৰে আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য অনুসৰি পালন কৰাটো নিশ্চিত কৰিব লাগিব।
লগতে সংশ্লিষ্ট ৰাজহ চক্ৰসমূহৰ চক্ৰ বিষয়াসকলেও নিজ নিজ এলেকাত এই নিৰ্দেশনা পালন কৰাটো তদাৰক আৰু নিৰীক্ষণ কৰিব লাগিব।