চৌকিডিঙ্গী খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা
চাইন অন ডেস্ক,২৩ নৱেম্বৰঃ
ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙ্গী খেলপথাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ আজি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম-প্ৰসংগ, শ্ৰদ্ধাঞ্জলি আৰু সমবেত সংগীত পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে উন্মোচন কৰা হয় স্মৃতিগ্ৰন্থ ‘ৰসামৃত’। সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰৰ সম্পাদিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড়ৰ হনুমানবক্স সূৰজমল কানৈ (স্বায়ত্তশাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন সমিতিৰ সভাপতি নিৰ্মল কান্তি শীলৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰি ড০ শশীকান্ত শইকীয়াই কয় যে ৰাসলীলা কেৱল এক ধৰ্মীয় পৰম্পৰা নহয়, ই অসমীয়া সমাজ-সংস্কৃতিৰ এক অমূল্য সম্পদ। শ্ৰীকৃষ্ণৰ জীৱনাদৰ্শ, ভক্তি আৰু আধ্যাত্মিক চেতনাক জনমানসত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাসলীলাৰ ভূমিকা অপৰিসীম। আনহাতে, স্মৃতিগ্ৰন্থই এনে সাংস্কৃতিক আয়োজনৰ ইতিহাস, চিন্তা-চৰ্চা আৰু সৃষ্টিশীল দিশসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা, বিশিষ্ট সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ, আত্মাৰাম আগৰৱালা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি চন্দন ফুকন, যুটীয়া সম্পাদক অমিত কেডিয়া, নীলোৎপল কোঁৱৰ, সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদক তথা অধ্যাপক মোহন তামুলী, স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই ৰাসলীলা অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে চৌকিডিঙ্গী খেলপথাৰত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।