ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ দৰ্শন অধ্যয়ন কেন্দ্ৰ’ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ সম্পন্ন
সমাজমুখী এক দৰ্শন গঢ়িবলৈ আহ্বান বুদ্ধিজীৱী ময়ূৰ বৰাৰ
চাইন অন ডেস্ক,২৩ নৱেম্বৰ:
দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘দৰ্শন অধ্যয়ন কেন্দ্ৰ’ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনি কালি সম্পন্ন হয়। পুৱা ১০ বজাত বিশ্ববিদ্যালয়ৰ সংগীত পৰিৱেশনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ইয়াৰ পিছতে প্ৰাক্তন আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাৱ-বিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ এক চমু ইতিহাস দাঙি ধৰে সহকাৰী অধ্যাপিকা ড° পিংকী বৰাই। দুপৰীয়া এই সমাৰোহৰ মূল কাৰ্যসূচীৰ আদৰণি

এই সমাৰোহৰ অন্যতম আকৰ্ষণ আছিল বিশিষ্ট অতিথি চিন্তাবিদ আৰু সমালোচক ময়ূৰ বৰাৰ ভাষণ। অসমৰ সমাজ জীৱনলৈ ডিব্ৰুগড়ৰ ঐতিহাসিক অৱদানৰ উল্লেখেৰে আৰম্ভ কৰা ভাষণত চিন্তাবিদগৰাকীয়ে এক সুদৃঢ় দৰ্শনৰ ভেটিয়ে ব্যক্তি আৰু সমাজ জীৱনক কেনেকৈ সমৃদ্ধ কৰিব পাৰে তাৰ এক প্ৰাঞ্জল ব্যাখ্যা আগবঢ়ায়। তেওঁ কয়, ” চিন্তাৰ স্পষ্টতাই আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে, আত্ম-বিশ্বাসে আত্ম-প্ৰত্যয় আনি দিয়ে আৰু এনেদৰেই এক দৰ্শন মনস্কতাৰ সৃষ্টি হয় ।” সাহিত্য, সংস্কৃতি আৰু ইতিহাসৰ বিশিষ্ট উল্লেখেৰে বক্তাগৰাকীয়ে কয় যে নতুন সমাজ নিৰ্মাণৰ দায়িত্ব নতুন প্ৰজন্মই ল’ব লাগিব আৰু তাকে কৰিবলৈ যাওঁতে প্ৰচুৰ অধ্যয়ন আৰু যুক্তিবাদী চিন্তাৰ আলমত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই সমাজৰ অতন্দ্ৰ প্ৰহৰীৰ ৰূপত নিজকে প্ৰতিস্থাপিত কৰিব লাগিব। উল্লেখ্য যে এই ভাষণৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বক্তাগৰাকীৰ প্ৰশ্নোত্তৰ শিতান আৰু মত-বিনিময় অনুষ্ঠানত তেওঁ কেন্দ্ৰটোৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়। তেওঁ
এই সমাৰোহৰ সৈতে সংগতি ৰাখি ক্ৰমে ড° মানশ্ৰী চেতিয়া, চনি দাস আৰু ড° শিল্পী শিখা মহন্তই সম্পাদনা কৰি উলিওৱা ‘অনুৰণণ’ শীৰ্ষক প্ৰৱন্ধ সংকলনখন উন্মোচন কৰে উপাচাৰ্য জীতেন হাজৰিকা, বিশিষ্ট অতিথি ময়ূৰ বৰা, সঞ্চালক ড° মীনা 
মনকৰিবলগীয়া যে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এই সমাৰোহত ভাগ লয়। তদুপৰি ড° মানশ্ৰী চেতিয়া, ড° চাজিয়া চুলতানা বেগমকে ধৰি কেন্দ্ৰটোত শিক্ষক হিচাপে সেৱা আগবঢ়াই যোৱা ব্যক্তিসকলেও কালিৰ সমাৰোহত অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ শেষৰ কাৰ্যসূচী ‘অন্তৰংগ আলাপ’ অনুষ্ঠানত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নাচ-গান পৰিৱেশনৰ লগতে প্রাক্তন শিক্ষার্থীসকলৰ মাজত মত-বিনিময় তথা নিজৰ অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে ড° মানশ্ৰী চেতিয়াই আৰু শলাগৰ শৰাই আগবঢ়ায় ড° পিংকি বৰাই।