...

আহোম সমাজক বিভাজনৰ অপচেষ্টাৰ বিৰুদ্ধে সৰৱ সদৌ অসম আহোম সভা

আহোম সমাজক বিভাজনৰ অপচেষ্টাৰ বিৰুদ্ধে সৰৱ সদৌ অসম আহোম সভা

মোহন, দেওধাই আৰু বাইলুংক বৃহত্তৰ আহোম জাতিৰ অবিচ্ছেদ্য অংগ আখ্যা
আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ আহ্বান।

চাইন অন ডেস্ক,২৩নৱেম্বৰ:

আহোম সমাজৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা বিভাজনমুখী পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সদৌ অসম আহোম সভাই। মোহন, দেওধাই আৰু বাইলুং সকলক বৃহত্তৰ আহোম জাতিৰ পৰা পৃথক কৰি সুকীয়া জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰি আহোম সমাজৰ ঐক্য আৰু অখণ্ডতা অটুট ৰখাৰ আহ্বান সংগঠনটোৰ। দেওবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সদৌ অসম আহোম সভাৰ সদৌ অসম আহোম সভাৰ সভাপতি শশাংকৰ নেওগ, সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, যুটীয়া সম্পাদক প্ৰমোদ বুঢ়াগোহাঁইয়ে এই স্থিতি স্পষ্ট কৰে। সংবাদমেলত কয় যে, পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত সদৌ অসম আহোম সভাই দীৰ্ঘদিন ধৰি আহোম জাতিৰ বিভিন্ন সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু বৰ্তমান সময়ত জাতিটোৰ মাজত বিভাজন সৃষ্টি কৰিব বিচৰা কিছু বক্তব্য আৰু কাৰ্যকলাপে উদ্বিগ্ন কৰি তুলিছে বুলি কোৱাৰ লগতে কয় মোহন, দেওধাই আৰু বাইলুংসকল আহোম সমাজৰ টাই ভাষা, কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য বাহক। আহোম জাতি গঠনৰ আৰম্ভণিৰে পৰাই এই তিনিওটা ৰাজকীয় দায়িত্বপ্ৰাপ্ত থালৰ অৱদান অপৰিসীম। সেয়েহে তেওঁলোকক বৃহত্তৰ আহোম জাতিৰ পৰা পৃথক কৰাৰ প্ৰচেষ্টা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে আহোম সভাই। চাওলুং চুকাফাই ‘আও হাম’ অৰ্থাৎ সমতাৰ ভিত্তিত সকলোকে একত্ৰিত কৰি গঢ়ি তোলা সমন্বয়ৰ আদৰ্শৰ কথা উল্লেখ কৰি বক্তাসকলে কয় যে এই ঐতিহাসিক ঐক্যৰ ভেঁটি দুৰ্বল হ’বলৈ দিব নোৱাৰি। আহোম জাতিক খণ্ড-বিখণ্ড কৰি অসমৰ সামাজিক পৰিৱেশত অস্থিৰতা সৃষ্টি কৰিব বিচৰা শক্তিসমূহকো সকীয়নি প্ৰদান কৰে আহোম সভাই। আনহাতে, মোহন, দেওধাই আৰু বাইলুং সকলৰ একাংশই সুকীয়া জনগোষ্ঠীয় পৰিচয় বা স্বীকৃতি বিচৰাৰ বিষয়টো সন্দৰ্ভত আহোম সভাই আলোচনা আৰু পৰ্যালোচনাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। আহোম সভাৰ মতে, স্বকীয় পৰম্পৰা আৰু বংশাৱলী ৰক্ষা কৰাটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ, কিন্তু এটা বংশই কেতিয়াও এটা জাতিৰ পৰিচয় হ’ব নোৱাৰে। জাতি জীয়াই থাকিলেহে বংশৰ পৰিচয় আৰু পৰম্পৰা সুৰক্ষিত থাকিব। ইফালে, আহোম সভাই বিগত প্ৰায় ৪০ বছৰ ধৰি চলাই অহা আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজিও অটল থকা বুলি সংবাদমেলত স্পষ্ট কৰে। এই সংগ্ৰামত মোহন, দেওধাই আৰু বাইলুং সকলকো অবিচ্ছেদ্য অংশীদাৰ হিচাপে অভিহিত কৰি তেওঁলোকক কোনো বিভ্ৰান্তিৰ বলি নহৈ বৃহত্তৰ আহোম সমাজৰ মূলসুঁতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আহ্বান জনায়। সংবাদমেলত সকলো আহোম জাতীয় সংগঠনকে মতভেদ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা হয়। চাওলুং চুকাফা আৰু পদ্মনাথ গোহাঞি বৰুৱাৰ আদৰ্শৰে এখন সুস্থ, সবল আৰু সমতাভিত্তিক সমাজ গঢ়াৰ স্বাৰ্থত তৰ্ক-বিতৰ্ক আৰু বিভেদৰ পৰিৱৰ্তে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ মীমাংসা কৰাৰ পোষকতা কৰে সদৌ অসম আহোম সভাই। আহোম সমাজৰ ঐক্য, ভাতৃত্ববোধ আৰু অখণ্ডতা অটুট ৰাখি সকলো পক্ষকে সংযমেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে জাতিটোক বিভাজিত কৰাৰ যিকোনো অপচেষ্টাৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তোলাৰো বাৰ্তা প্ৰদান কৰে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *