ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবসৰ শুভ উদ্বোধন
জিলা খনৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ’ ভেকচিন প্ৰদানৰ লক্ষ্য
চাইন অন ডেস্ক,২২নবেম্বৰ:
আজি জিলা স্বাস্থ্য সমিতি ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয় চৌহদত উপ-ৰাষ্ট্ৰীয় প্রতিষেধক দিবস (প’লিঅ’ দিৱস) ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয় । আজীৱন পক্ষাঘাতৰ সৃষ্টি কৰিব পৰা পলিঅ’মাইলাইটিছ ৰোগৰ পৰা শিশুসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই অভিযানৰ অধীনত জিলা খনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চল আৰু নগৰ অঞ্চলৰ ৫ বছৰ অনুৰ্ধ্বৰ ১,৯২,৭১৬ গৰাকী শিশুক দুটোপাল পলিঅ’ ভেকচিন প্রদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।এই বিশেষ কাৰ্যসূচীৰ মূল লক্ষ্য হ’ল ‘প্রতিটো শিশুক প্রতিষেধকৰ আওতালৈ আনা’, যাতে দেশখনৰ পলিঅ’-মুক্ত স্থিতি নিৰৱচ্ছিন্নভাবে বজাই ৰাখিব পৰা যায়। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ ৯৬২টা পলিঅ’ বুথ স্থাপন কৰা হৈছে। একেদৰে সমগ্ৰ কাৰ্যসূচী সফলভাৱে সম্পাদন কৰিবলৈ মুঠ ৩,৭৩৬ গৰাকী স্বাস্থ্যকর্মী নিয়োজিত কৰাৰ লগতে প্রতিটো বুথত প্রশিক্ষিত স্বাস্থ্যকর্মী, আশা, অংগনৱাড়ী কর্মী আৰু স্বেচ্ছাসেৱক নিযুক্ত কৰা হৈছে। একেদৰে, ট্রেনজিট পইন্ট, বাছ ষ্টেও ৰে’লৱে ষ্টেচন, বজাৰ আৰু অন্যান্য জনবহুল স্থানসমূহত যাতায়াতকাৰী শিশুসকলক সুৰক্ষিতভাৱে দুটোপাল প’লিঅ’ খোৱাবলৈ বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। আনহাতে যিসকল শিশুয়ে কোনো
কাৰণ বশত: বুথত উপস্থিত হৈ প’লিঅ’ প্ৰতিষেধক সেৱন কৰিব নোৱাৰিলে তেওঁলোককো প্রতিষেধকৰ আওতালৈ আনিবলৈ২২ নবেম্বৰৰ বুথ দিৱসৰ পিছত ২৩ আৰু ২৪ নৱেম্বৰত ঘৰে ঘৰে প্ৰতিষেধক স্বাস্থ্য কৰ্মী য়ে প্ৰদান কৰিব ।এই অভিযানৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে লডব্লিউ এইচ অ’, ৰটাৰী ক্লাব, আৰু অন্যান্য স্থানীয় সংগঠনসমূহৰ সহযোগত ব্যাপক প্রস্তুতি সম্পূৰ্ণ কৰিছে ।
জিলা স্বাস্থ্য বিভাগে, সেয়েহে সকলো পিতৃ-মাতৃ আৰু অভিভাৱক সকলক তেওঁলোকৰ পাঁচ বছৰৰ তলৰ সন্তানক এই জীৱন ৰক্ষাকাৰী দুটোপাল পলিঅ’ ভেকচিন সেৱন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । উল্লেখযোগ্য যে আজিৰ এই উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌমেন্দ্ৰ কুমাৰ ভাগৱতী, জিলা টীকা কৰণ বিষয়া ডাঃ গায়ত্ৰী বৰা , ৰ’টাৰী ক্লাবৰ প্ৰতিনিধি, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক প্ৰমুখ্যে চিকিৎসালয় খনৰ সমূহ কৰ্মচাৰী -স্বাস্থ্য কৰ্মী ,ভাৰপ্ৰাপ্ত জিলা নগৰ স্বাস্থ্য সমন্বয়ক, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় তথা টীকাকৰণ বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মী বৃন্দ উপস্হিত থাকে।