...

ডিব্ৰুগড়ৰ গৰুধৰীয়াত ইউকো বেংকৰ বিত্তীয় অন্তৰ্ভুক্তিয়ে সংপৃক্তকৰণ শিবিৰ সম্পন্ন

ডিব্ৰুগড়ৰ গৰুধৰীয়াত ইউকো বেংকৰ বিত্তীয় অন্তৰ্ভুক্তিয়ে সংপৃক্তকৰণ শিবিৰ সম্পন্ন

চাইন অন ডেস্ক,২১ নবেম্বৰ:

ৰাষ্ট্ৰীয়কৃত অন্যতম বাণিজ্যিক বিত্তীয় প্ৰতিষ্ঠান ইউকো বেংক
লেপেটকটা শাখাৰ উদ্যোগত এক বিশেষ বিত্তীয় অন্তৰ্ভুক্তিয়ে সংপৃক্তকৰণ শিবিৰ অনুষ্ঠিত হৈ যায়। সমাজৰ সকলো শ্ৰেণীৰলোকক- বিশেষকৈ গ্ৰামাঞ্চলৰ দুখীয়া, নিম্ন আয়ৰ আৰু সুবিধাবঞ্চিত ১০০% লোকক—সুলভ মূল্যত বিত্তীয় সেৱাসমূহ প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ মংগলৰ বাবে বেংকৰ যোগেদি পৰিচালিত কৰি অহা ‘ধ্বজাবাহী বীমা আঁচনি’ৰ সুবিধা আৰু অনলাইন প্ৰৱঞ্চনাৰ পৰা কেনেকৈ বাচিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা উদ্দেশ্যৰে ২০ নবেম্বৰত ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়নখণ্ডৰ এলেকাধীন গৰুধৰীয়া পঞ্চায়তৰ ‘গৰুধৰীয়া দীপাৱলী সংঘ প্ৰেক্ষাগৃহ’ত এক শিবিৰ অনুষ্ঠিত হয়। কলকতাস্থিত ইউকো বেংকৰ মুখ্য কাৰ্যালয়ৰ মহা প্ৰবন্ধক শ্ৰীশ্ৰীনিভাস ৰাও কমবাৰ্মপ্ৰতিয়ে সভাত উপস্থিত থাকি দেশৰ অৰ্থনৈতিক মূলসুঁতিৰ পৰা বাহিৰত থকা লোকসকলক বেংকিং আৰু অন্যান্য বিত্তীয় ব্যৱস্থাৰ সৈতে সংযোগ কৰা আৰু বিত্তীয় অন্তর্ভুক্তিৰ মূল উপাদানসমূহৰ বিষয়ে সভাত আলোকপাত কৰি সৰ্বসাধাৰণ ৰাইজে বেংকৰ পৰা কিদৰে উপকৃত হব পাৰিব সেই বিষয়ে বক্তব্য আগবঢ়ায়। ইউ কো বেংক যোৰহাট মাণ্ডলিক কাৰ্যালয়ৰ মুখ্য পৰিচালক নিচান কুমাৰ আৰু ইউ কো বেংক মানকটা শাখাৰ আৰ বি এমৰ কৰ্মীচাৰী প্ৰশান্ত শইকীয়াই আতঁধৰা সভাত আদৰণী ভাষণ আগবঢ়ায়-লেপেটকটা শাখা সহকাৰী পৰিচালক সঞ্চয়িতা বৰাই। সভাত যোৰহাট মাণ্ডলিক প্ৰৱন্ধক নৰেন্দ্ৰ প্ৰতাপ সিঙে -ডিজিটেল পেমেণ্ট, ধন প্ৰেৰণ, মোবাইল বেংকিং,এ টি এমৰ জৰিয়তে সহজে আৰু কম খৰচত এঠাইৰ পৰা আন ঠাইলৈ টকা পঠিওৱা লেনদেন কৰা লগতে বীমা আৰু পেঞ্চন আঁচনি ক্ৰমে দুর্ঘটনা, স্বাস্থ্য, জীৱন , শস্যৰ ক্ষতিপূৰণৰ আৰু বৃদ্ধ বয়সৰ নিৰাপত্তাৰ বাবে পেঞ্চন আঁচনি বিষয়ে সৰ্বসাধাৰণ ৰাইজক সজাগ কৰে। ধনৰ সঠিক ব্যৱহাৰ, সঞ্চয়, বিনিয়োগ আৰু বেংকিং প্ৰৱঞ্চনাৰ পৰা হাত সৰাৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰা লক্ষ্যৰে
ভাৰত চৰকাৰৰ বিত্তীয় সেৱা বিভাগে সমগ্ৰ দেশৰ নাগৰিকক সজাগ কৰা কাৰ্যসূচী অংশ হিচাপে অসমতো ভিন্নস্থানত বিত্তীয় অন্তর্ভুক্তিৰ শিবিৰ অনুষ্ঠিত কৰি গুৰুত্বপূর্ণ আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ-প্ৰসাৰে এই সজাগতা সভা অনুষ্ঠিত কৰি অহা উক্ত সভাত ইউকো বেংকৰ মুখ্য বিষয়া স্পন্দন চৰকাৰ, অনুপ কুমাৰ, বৰবৰুৱা আঞ্চলিক পঞ্চায়তৰ উপ-সভানেত্ৰী নিতুমনি চেতিয়া গগৈকে ধৰি প্ৰায় দুই শতাধিক স্থানীয় পুৰুষ-মহিলা উপস্থিত থাকে । আনহাতে উক্ত সভাস্থলীতেই বহু কেইজন ব্যক্তিৰ বেংক একাউণ্ট আৰু কেবাটাও গোটলৈ ঋণ অনুমোদন পত্ৰ আনুষ্ঠানিক ভাবে প্ৰদান কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *