ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকী উদযাপন
চাইন অন ডেস্ক,২০নৱেম্বৰ:
ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমীয়াৰ হিয়াৰ আমঠু, সংগীত শিল্পী জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। ‘মায়াবিনী’ শীৰ্ষক এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু নাট্য প্ৰদৰ্শনৰ জৰিয়তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ৰচনা প্ৰতিযোগিতা, একক নৃত্য, দলীয় নৃত্য আৰু বাদ্যযন্ত্ৰ পৰিৱেশন প্ৰতিযোগিতা অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ লগতে ডিব্ৰুগড় চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা বহু প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত উৎসাহেৰে অংশগ্ৰহণ কৰে।দ্বিতীয় দিনাৰ 
দুয়োটা দিনৰ কাৰ্যসূচীতে মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা বহু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।