জকাই ২নং ভূৰ ভূৰীৰ উদীয়মান যুৱক ৰাহুল কলিতাৰ উদ্যোগত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্ম দিন উদযাপন
চাইন অন ডেস্ক,১৯নবেম্বৰ:
ডিব্ৰুগড় জিলাৰ খোৱাঙ সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ জকাই ২নং ভূৰ ভূৰীৰ গাঁৱৰ উদীয়মান যুৱক, হিয়াৰ আমঠু কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অনুৰাগী ৰাহুল কলিতাৰ নিজৰ উদ্যোগত, নিজাবাসভৱনত শিল্পী জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্ম দিন উদযাপন কৰে। শিল্পীজনাৰ জন্ম দিনৰ উপলক্ষত শিল্পীজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্রজ্বলন কৰি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৰাহুল কলিতা সহ ২নং ভূৰ ভূৰীৰ জুবিন অনুৰাগী সকলে।উল্লেখযোগ্য যে বিগত বৰ্ষটোত জকাই ২নং ভূৰ ভূৰীৰ গাঁৱৰ উদীয়মান জুবিন অনুৰাগী ৰাহুল কলিতাই নিজস্ব উদ্যোগত মৃত্যু তিথিৰ উপৰিও ৫৩সংখ্যক জন্ম দিনৰ উপলক্ষত ভকত বৈঞ্চৱক নিমন্ত্রন জনাই গীতা পাঠ কৰাই শ্ৰদ্ধাৰ্ঘ জনাইছিল।যোৱা ১৮নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিনটোত জকাই ২নং ভূৰ ভূৰীৰ গাঁৱৰ উদীয়মান জুবিন অনুৰাগী ৰাহুল কলিতাই স্থানীয় চুবুৰীৰ অনুৰাগী সকলৰ সৈতে জুবিন গাৰ্গৰ জন্ম তিথি উদযাপন কৰে।অনুষ্ঠানত জকাই ২নং ভূৰ ভূৰীৰ গাঁৱৰ যুৱক ,বয়োজেষ্ঠ সকলেও শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন জনায়।