...

অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ

অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ

সোণগুটি চপোৱাৰ আনন্দত আত্মহাৰা ঢকুৱাখনাৰ কৃষক

পুলকজ্যোতি বৰা,ঢকুৱাখনা,১৯ নৱেম্বৰ:

“‘আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি…./আঘোণৰ পথাৰত দাৱনীৰ কাম আছে/মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে/আঘোণৰ পথাৰত কাম আৰু কাম৷”
এতিয়া আঘোণ মাহ ।পৰম্পৰা অনুসৰি আঘোণ মাহ সোণগুটি চপোৱাৰ সময়৷আঘোণ মনেই যেন সোণোৱালী ধাননি।আঘোণ মানেই চহা কৃষকৰ সপোনৰ মেটমৰা সম্ভাৰ।আঘোণ মানেই সোণোৱালী পথাৰৰ সোণগুটিৰ আমোলমোলোৱা গোন্ধ।আঘোণ বুলিলেই গ্ৰাম্য সমাজৰ বিৰামহীন ব্যস্ততা। আহাৰ-শাওনৰ প্ৰখৰ ৰ’দৰ উত্তাপতো শৰীৰৰ কেঁচা ঘাম মাটিত পেলাই সেউজীয়া কৰা পথাৰ আঘোণতেই সোণোৱালী ৰূপ লোৱাৰ সময়েতেই চহা খেতিয়কৰ পাৰভঙা উছাহ-উদ্দীপনা গ্ৰাম্য সমাজৰ এখন চিনাকি ছবি।প্ৰকৃতিৰ বিপুল সম্ভাৰ এই আঘোণৰ বুকুতেই বিৰাজমান।
আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়৷ লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি। আঘোণক লৈ কবিয়ে লিখে কবিত৷ কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে বিশাল পথাৰ৷
অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কৃষি সৰ্বস্ব ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক পৰিয়ালৰ সকলো এতিয়া ব্যস্ত সোণগুটি চপোৱাৰ কামত।পকা ধানৰ আমোলমোল
গোন্ধই মতলীয়া কৰি তুলিছে ঢকুৱাখনাৰ কৃষকৰ মন-প্ৰাণ।চৌদিশে পথাৰত এতিয়া চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ। সোণোৱালী আঘোণৰ এক মনোৰম ছবি।গাঁৱে ভূঞে এতিয়া দাৱনী-কৃষকসল ব্যস্ত সোণালী বসন পিন্ধা পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ বাবে।জাক জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে সোণোৱালী ধান চপোৱাত ।পুৱাতে আহি ৰিব ৰিব মলয়াত হালি জালি থকা ধানৰ মুঠিত ধৰি কাঁচি চলাইছে। পুৱাৰ পৰা গধূলিলৈকে প্ৰায় মাহযোৰা কঠোৰ পৰিশ্ৰম। পিছে এই হাড়ভগা শ্রমৰ পাছতো ক্লান্ত – ভাগৰুৱা নহয় দাৱনী- কৃষকসকল। কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ ,অথচ বুকুত অপাৰ আনন্দ।মুখত বিহুনাম, হৰিনামৰ কলি আৰু দাৱনী সকলৰ হাঁহি – খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বৃস্তীৰ্ণ পথাৰ। হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ। আনহাতে কৃষকসকলৰো আহৰি নাই। গীতে মাতে হাতত টঙাল আৰু কান্ধত বিৰিয়া লৈ পথাৰত নামিছে কৃষক।বিৰিয়া মাৰিত ডাঙৰিৰ ভাৰ কঢ়িয়াই লখিমীক আদৰিছে ঘৰলৈ।কাঁচিৰ আগেৰে শৰ ফালি ফালি গুছি গৈছে কৃষক-দাৱনী।
মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনি আৰু আৰু বিৰিয়াৰ ঝনঝনা শব্দই যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ।মনৰ আনন্দত ধান দাই-দাই বিহু মাৰিছে দাৱনীসকলে। আঘোণৰ পথাৰত কেৱল ব্যস্ততা নাথাকে। থাকে বিভিন্ন আনন্দ – উপভোগৰ মুহূৰ্ত। যিয়ে জীপাল কৰি ৰাখে দাৱনী- কৃষকৰ মন- প্ৰাণ। সেয়ে ব্যস্ততাৰ মাজতে পথাৰত বহি নিমখ – জলকীয়াৰে ৰবাব টেঙাৰ জুতি লৈছে দাৱনীসকলে। তাৰ মাজে মাজে কথা আৰু হাঁহিৰ মহলা। নাই ভাগৰ, নাই মনৰ দুখ। আছে কেৱল প্ৰাপ্তিৰ আনন্দ, সন্তোষ্টিৰ হাঁহি।বিহুগীত গাই আনন্দ স্ফূৰ্তিৰে আঁতৰাইছে শাওনৰ ভাগৰ।হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ।শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। পাহুৱালজনে আঠ ঠৰীয়া ডাঙৰি ল’লেও কোনোজনে সাধ্যানুসৰি বিৰিয়াত আঁটিছে ঠৰ। কোনোজনে তমাল চাঁচিছে।দাৱনীয়ে কাটি যোৱা মুঠি মুঠি ধানৰ ডাঙৰি বান্ধি ঘৰলৈ কঢ়িয়াইছে লখিমীক।

Leave a Reply

Your email address will not be published. Required fields are marked *