জুবিনবিহীন দ্বিতীয়টো জন্মদিনত ডিব্ৰুগড়ত ‘সৃষ্টিৰ দিন’ উদযাপন
‘প্ৰজেক্ট নতুন’ৰ শুভাৰম্ভ, কুনাল গাঞ্জাৱালাৰ কণ্ঠত জুবিনৰ কালজয়ী গীত ‘মায়াবিনী ৰাতিৰ বুকুত’
‘জুবিনৰ দৰে সঁচা কণ্ঠ আজিলৈকে কেতিয়াও শুনা নাই’ — কুনাল গাঞ্জাৱালা
চাইন অন ডেস্ক,১৯নৱেম্বৰঃ
জুবিন নাই, কিন্তু জুবিনৰ সৃষ্টি আছে, তেওঁৰ গীত আছে, আছে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত অমলিন হৈ ৰোৱা অসংখ্য স্মৃতি।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন। জুবিনবিহীন দ্বিতীয়টো জন্মদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰা হয়
প্ৰাণৰ শিল্পীগৰাকীৰ ওপজা দিনটো ‘সৃষ্টিৰ দিন’ হিচাপে। জুবিন গাৰ্গৰ অনুৰাগী আৰু একালৰ বন্ধু-বৰ্গৰ উদ্যোগত ঐতিহাসিক চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত এই বিশেষ আয়োজনত গীত, সুৰ, স্মৃতি আৰু সৃষ্টিৰ মাজেৰে স্মৰণ কৰা হয়
অসমৰ হিয়াৰ আমঠু শিল্পীগৰাকীক। বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে জুবিন গাৰ্গক বিষয়বস্তু হিচাপে লৈ এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে ‘জুবিন গাৰ্গৰ সৃষ্টিৰাজী আৰু গীত-সাহিত্য’ শীৰ্ষক বিষয়ক লৈ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। উদীয়মান গীতিকাৰ ৰাহুল গৌতম শৰ্মাই আঁত ধৰা এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে প্ৰবীণ শিল্পী প্ৰশান্ত বৰদলৈ, ৰাজেন গোহাঁই, হীৰেন গোহাঁই আৰু জুবিন গাৰ্গৰ জেঠায়েক ৰেণু শৰ্মাই। আলোচনাত জুবিনৰ গীত, সাহিত্য, সৃষ্টিশীলতা আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বিভিন্ন দিশ আলোকপাত কৰা হয়। আনহাতে, বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুনাল গাঞ্জাৱালাৰ উপস্থিতিয়ে অনুষ্ঠানটোত বিশেষ মাত্ৰা প্ৰদান কৰে। তেওঁৰ অংশগ্ৰহণেৰে ‘প্ৰজেক্ট নতুন’ নামৰ এক বিশেষ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই প্ৰকল্পৰ অধীনত এটি গীত উন্মোচন কৰা হয়। প্ৰকল্পটোৰ সৈতে জড়িত হৈ আছে বলীউডৰ সংগীত জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ ভিতৰত আছে চেলিম মাৰ্চেণ্ট, বিশাল দাদলানি, কুনাল গাঞ্জাৱালা, জিত গাংগুলী আৰু অংগৰাগ পাপন মহন্ত। ৰাহুল গৌতম শৰ্মাই জানিবলৈ দিয়া মতে, মাত্ৰ তিনিদিনৰ ভিতৰতে ছটাকৈ গীত প্ৰস্তুত কৰা হৈছিল এই প্ৰকল্পৰ বাবে। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল কুনাল গাঞ্জাৱালাৰ কণ্ঠত জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ৰ পৰিৱেশন। প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনত তেওঁৰেই গীত বলীউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠত শুনি আৱেগিক হৈ পৰে উপস্থিত দৰ্শক। ইফালে, ‘যন্ত্ৰ’ নামৰ বেণ্ডটোৱেও অনুষ্ঠানত সংগীত পৰিৱেশন কৰে। দীপলিনা ডেকাই আঁত ধৰা অনুষ্ঠানটোত অসমৰ বহু শিল্পী, কলা-কুশলী আৰু সংগীতপ্ৰেমীয়ে অংশগ্ৰহণ কৰি গীত আৰু কথাৰে স্মৰণ কৰে প্ৰাণৰ শিল্পীগৰাকীক। অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে থকা নিজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু স্মৃতি ৰোমন্থন কৰি কুনাল গাঞ্জাৱালাই কয় যে গৰিমা শইকীয়া গাৰ্গে প্ৰায় দুমাহ পূৰ্বে
তেওঁক জুবিনৰ জন্মদিনৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল। গৰিমাই তেওঁক ‘কুনাল ভাই’ বুলি সম্বোধন কৰি অনুষ্ঠানলৈ আহিবলৈ অনুৰোধ জনোৱাৰ পাছত পুনৰ কিবা সোধাৰ প্ৰয়োজনেই নাছিল বুলি মন্তব্য কৰে কুনালে। আনকি ২৮ তাৰিখৰ বাবে পূৰ্বনিৰ্ধাৰিত সকলো কাম বাতিল কৰি অতি আনন্দৰে ডিব্ৰুগড়লৈ অহাৰ কথাও উল্লেখ কৰে তেওঁ। গৰিমাৰ সৈতে থকা আন্তৰিক সম্পৰ্ক আৰু জুবিনৰ প্ৰতি থকা মৰমৰ বাবেই এই আমন্ত্ৰণক তেওঁ বিশেষ গুৰুত্ব দিয়া বুলি প্ৰকাশ কৰে। জুবিন গাৰ্গৰ বিয়োগৰ প্ৰসংগত কুনালে গভীৰ শোক প্ৰকাশ কৰি কয় যে ২০২২ চনত জুবিনৰ সৈতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে তেওঁলোকৰ সাক্ষাৎ হৈছিল। তাৰ পাছতো দুয়োৰে মাজত কথা-বতৰা হৈছিল। জুবিনৰ আকস্মিক বিয়োগৰ খবৰ তেওঁৰ বাবে অত্যন্ত মৰ্মান্তিক আছিল বুলি উল্লেখ কৰি কুনালে কয় যে এই শোক বৰ্ণনা কৰিবলৈ তেওঁলোকৰ হাতত কোনো শব্দ নাই। এয়া অত্যন্ত কঠিন সময়। মহান আত্মাসকলে এক বিশেষ উদ্দেশ্য লৈ পৃথিৱীলৈ আহে, মানুহক আনন্দ দিয়ে আৰু নিজৰ দায়িত্ব পালন কৰি এদিন গুচি যায়। তেওঁলোকে কিছু সময়ৰ বাবেহে পৃথিৱীত থাকে, কিন্তু সেই সময়ছোৱাত অসংখ্য মানুহৰ জীৱনলৈ সুখ আৰু আনন্দ কঢ়িয়াই আনে। জুবিনে সকলোৰে বাবে এৰি থৈ যোৱা দায়িত্ব আৰু
আদৰ্শ আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ দোহাৰে। জুবিনৰ সংগীত প্ৰতিভা আৰু ব্যক্তিত্বৰ প্ৰসংগত কুনালে এক বিশেষ মন্তব্য কৰি কয় যে জুবিনক কিশোৰ কুমাৰ, মহম্মদ ৰফী, মুকেশ, লতা মংগেশকাৰ, আশা ভোঁছলে, এছ পি বালসুব্ৰমনিয়ম, কে জে যেছুদাস আৰু চিত্ৰাৰ দৰে কিংবদন্তি শিল্পীৰ সৈতে একে শাৰীতে স্থান দিব পাৰি। তেওঁৰ মতে, জুবিন আৰু কে কে আধুনিক সময়ৰ দুগৰাকী কিংবদন্তি কণ্ঠশিল্পী। বলীউডে জুবিনক হেৰুৱাটো কেৱল বলীউডৰেই লোকচান বুলি মন্তব্য কৰি কুনালে কয় যে জুবিনৰ প্ৰতিভা কোনো এটা ভাষা বা সংগীত উদ্যোগৰ মাজত সীমাবদ্ধ নাছিল। জুবিনৰ সংগীত জীৱনৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা উল্লেখ কৰি কুনালে কয় যে হিন্দী গীতৰ ক্ষেত্ৰত জুবিনে নিজৰ শীৰ্ষস্থান লাভ কৰাৰ সময়ৰ পৰাই তেওঁ জুবিনক জানিছিল। ১৯৯২ চনৰ পৰাই অসমত জুবিন এগৰাকী জনপ্ৰিয় শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈছিল। ২০০৫ চনত ‘য়া আলী’ গীতটোৱে দেশজুৰি অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰাৰ পাছতো জুবিনৰ মনত নিজৰ মাতৃভাষা আৰু নিজৰ মানুহৰ প্ৰতি থকা প্ৰেমৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। কুনালে স্মৰণ কৰে যে ‘য়া আলী’ৰ ব্যাপক সফলতাৰ সময়তে জুবিনে ‘ফিল্মফেয়াৰ’ক দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ প্ৰথম প্ৰেম হৈছে অসমীয়া গীত গোৱা আৰু নিজৰ মানুহৰ বাবে গান গোৱা। হিন্দী ছবিৰ বাবে গান গোৱাতকৈ অসমীয়া সংগীতৰ সৈতে জড়িত হৈ থকাটোহে তেওঁৰ অধিক প্ৰিয়। নিজৰ কেৰিয়াৰৰ শীৰ্ষত থাকিও বলীউডৰ জনপ্ৰিয়তাৰ প্ৰতি বিশেষ মোহ নেদেখুৱাই ঘৰলৈ উভতি আহি নিজৰ ভাষা-সংস্কৃতিৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰা জুবিনৰ এই মানসিকতাক আশ্চৰ্যকৰ বুলি অভিহিত কৰে কুনালে। অসমৰ সৈতে থকা নিজৰ সম্পৰ্কৰ কথাও উল্লেখ কৰি কুনালে কয় যে অসম তেওঁৰ বাবেও এখন আপোন ঘৰ। অসমৰ ৰাইজৰ পৰা লাভ কৰা মৰম আৰু সন্মানৰ বাবে তেওঁ
সদায় কৃতজ্ঞ। জুবিনৰ সৈতে গুৱাহাটীত দুবাৰকৈ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা ৰোমন্থন কৰি তেওঁ কয় যে জুবিনৰ সৈতে তেওঁ বিভিন্ন ছবিত বহু বাংলা গীত গাইছিল। জীৱনত প্ৰায় ২০-২৫ বাৰ দুয়োৰে সাক্ষাৎ হৈছিল। তেওঁলোকৰ বন্ধুত্ব এনেকুৱা আছিল যে এবছৰ বা দুবছৰ পিছত লগ পালেও পূৰ্বৰ সম্পৰ্কৰ কোনো বিচ্ছেদ অনুভৱ নহৈছিল। য’ত কথা শেষ হৈছিল, পুনৰ তাতেই কথা আৰম্ভ হৈছিল। কেতিয়াবা বিমানবন্দৰত, কেতিয়াবা সংগীতানুষ্ঠানত আৰু কেতিয়াবা বিদেশত হোৱা আকস্মিক সাক্ষাতেই তেওঁলোকৰ বন্ধুত্বক অধিক আন্তৰিক কৰি তুলিছিল বুলি কয় কুনালে। জুবিনৰ সৈতে একেলগে কৰা সংগীতানুষ্ঠানসমূহৰ কথাও স্মৰণ কৰে কুনালে। ২০০৮, ২০১২, ২০১৬ আৰু ২০২২ চনকে ধৰি বিভিন্ন সময়ত জুবিনৰ সৈতে মঞ্চ ভাগ-বতৰা কৰাৰ অভিজ্ঞতা তেওঁৰ বাবে বিশেষ স্মৃতি হৈ ৰৈছে। ২০০৮ চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠান পৰিৱেশন কৰাৰ পাছত কামাখ্যা মন্দিৰৰ চিৰিত গোটেই নিশা কটোৱাৰ এটা আমোদজনক স্মৃতিও বৰ্ণনা কৰে তেওঁ। সেই নিশা জুবিনৰ সৈতে হোৱা ধেমালি, হাঁহি-আনন্দ আৰু বন্ধুত্বৰ মুহূৰ্তবোৰ আজিও তেওঁৰ মনত সজীৱ হৈ আছে বুলি উল্লেখ কৰে কুনালে।
জুবিনৰ সৈতে থকা সম্পৰ্কৰ গভীৰতা বুজাবলৈ গৈ কুনালে আন এটা স্মৃতিৰ কথাও উল্লেখ কৰে। বিমানবন্দৰত বা আন কোনো ঠাইত দেখা হ’লে জুবিনে নিজৰ নতুন গীতৰ বিষয়ে তেওঁক জনাইছিল। আনকি তেওঁৰ বাবে উন্মোচন কৰা এটা
গীতৰ কথাও কৈছিল। কুনালৰ মতে, জুবিনে প্ৰায়ে কৈছিল যে তেওঁৰ জীৱনত অতি কমসংখ্যক মানুহৰ সৈতেহে আন্তৰিক সম্পৰ্ক আছে আৰু সেইসকলৰ ভিতৰত কুনাল আৰু তেওঁৰ পত্নীও অন্যতম। কুনালৰ পত্নীৰ সৈতে জুবিনৰ প্ৰথম হিন্দী গীতটো দ্বৈত কণ্ঠত আছিল আৰু ৰঞ্জিত বৰোটে সেই গীতৰ সৈতে জড়িত আছিল। এই সম্পৰ্ক আৰু স্মৃতিৰ বাবে তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰে। ইফালে, কলকাতাত পূৰ্বে অনুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত জুবিনৰ বিয়োগৰ কিছুদিন পাছত নিজৰ মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এষাৰ কথাৰ কথাও স্মৰণ কৰে কুনালে। তেওঁ কৈছিল, ‘জুবিনৰ দৰে
ইমান সঁচা কণ্ঠ মই আজিলৈকে কেতিয়াও শুনা নাই।’ জুবিনৰ কণ্ঠত থকা সেই স্বকীয়তা, সততা আৰু আন্তৰিকতাক জীৱনত ধাৰণ কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় কুনালে। গৰিমা শইকীয়া গাৰ্গৰ আমন্ত্ৰণত ডিব্ৰুগড়লৈ আহিবলৈ পাই আনন্দিত হোৱা বুলিও প্ৰকাশ কৰে তেওঁ। অনুষ্ঠানত স্থানীয় আৰু আমন্ত্ৰিত শিল্পী হিচাপে দীক্ষু, নীল আকাশ, কুসুম কৈলাশ, নীলাক্ষী, প্ৰাণদীপ, মণ্টুমণি, ভৃগু, আচূৰ্য বৰপাত্ৰকে ধৰি কেইবাগৰাকীও শিল্পীয়ে সংগীত পৰিৱেশন কৰে। প্ৰতিগৰাকী শিল্পীৰ সংগীত পৰিৱেশনে জুবিনৰ সৃষ্টিৰাজীৰ প্ৰতি থকা মানুহৰ আবেগ আৰু ভালপোৱাক পুনৰ এবাৰ প্ৰতিফলিত কৰে। উল্লেখ্য যে, এই অনুষ্ঠানতে কেক কাটি জুবিন গাৰ্গৰ ৫৪ সংখ্যক জন্মদিন উদযাপন কৰা হয়।
জুবিনৰ সৃষ্টিক কেৱল স্মৃতিৰ মাজত আবদ্ধ কৰি নাৰাখি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱা, তেওঁৰ গীত-সাহিত্যৰ চৰ্চা অব্যাহত ৰখা আৰু অসমীয়া সংগীতৰ জগতলৈ আগবঢ়াই যোৱা অৱদানক যুগমীয়া কৰাৰ সংকল্পৰে সামৰণি পৰে ডিব্ৰুগড়ৰ এই বিশেষ আয়োজন। জুবিনৰ শাৰীৰিক অনুপস্থিতিৰ মাজতো তেওঁৰ সৃষ্টিয়ে যে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব, সেয়াই যেন প্ৰতিফলিত হ’ল ‘সৃষ্টিৰ দিন’ৰ প্ৰতিটো কাৰ্যসূচীত।