সাংবাদিকতাত সত্যনিষ্ঠা, গভীৰ অধ্যয়ন, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতাক অগ্ৰাধিকাৰ দিয়াটো অত্যন্ত জৰুৰীঃ ড° পল্লৱী ডেকা বুজৰবৰুৱা
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিশেষ বক্তৃতানুষ্ঠান
ডিজিটেল যুগত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা আৰু নৈতিকতাৰ সংকটক লৈ বিস্তৃত আলোচনা
চাইন অন ডেস্ক,১৭নৱেম্বৰঃ
ডিজিটেল প্ৰযুক্তি, সামাজিক মাধ্যম আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত সম্প্ৰসাৰণে সাংবাদিকতা আৰু সাহিত্যৰ জগতলৈ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ সমান্তৰালভাৱে বিশ্বাসযোগ্যতা, মৌলিকতা আৰু নৈতিকতাৰ ক্ষেত্ৰত গভীৰ প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। তথ্যৰ সহজলভ্যতাই মানুহক উপকৃত কৰাৰ বিপৰীতে ভুৱা বাতৰি, পক্ষপাতিত্ব, অতিৰঞ্জিত প্ৰচাৰ আৰু তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ প্ৰৱণতাই সমাজত বিভাজন আৰু অবিশ্বাসৰ পৰিৱেশ গঢ়ি তুলিছে। এনে পৰিস্থিতিত সাংবাদিকতা আৰু সাহিত্যৰ মূল আধাৰ হিচাপে সত্যনিষ্ঠা, গভীৰ অধ্যয়ন, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াটো অত্যন্ত জৰুৰী।কালি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ডিব্ৰুগড়ত অনুষ্ঠিত এক বিশেষ বক্তৃতানুষ্ঠানত এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° পল্লৱী ডেকা বুজৰবৰুৱাই।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিকতা, সাহিত্য আৰু সমাজৰ মাজৰ সম্পৰ্ক তথা ডিজিটেল যুগত সংবাদ মাধ্যমে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক লৈ এক অৰ্থৱহ বৌদ্ধিক চৰ্চাৰ উদ্দেশ্যে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সহযোগত ডিব্ৰুগড়ৰ 
বক্তৃতাত তেওঁ কয় যে একবিংশ শতিকাত ডিজিটেল প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশে মানুহৰ চিন্তা-চেতনা, সামাজিক সম্পৰ্ক আৰু যোগাযোগৰ পৰম্পৰাত ব্যাপক পৰিৱৰ্তন আনিছে। ইণ্টাৰনেট, সামাজিক মাধ্যম, অনলাইন সংবাদ মাধ্যম, ই-বুক, ব্লগ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰসাৰে তথ্যৰ আদান-প্ৰদান সহজ কৰি তুলিছে যদিও ইয়াৰ সমান্তৰালভাৱে সাংবাদিকতাৰ বিশ্বাসযোগ্যতা আৰু পেছাগত নৈতিকতাকো প্ৰশ্নৰ সন্মুখীন কৰাইছে। বিশেষকৈ কোনো বিষয়ৰ গভীৰতালৈ নোযোৱাকৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু আধৰুৱা তথ্যৰ ভিত্তিত সামাজিক মাধ্যমত সিদ্ধান্তত উপনীত হোৱাৰ প্ৰৱণতা সমাজৰ বাবে বিপজ্জনক হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে।
সামাজিক মাধ্যমৰ যুগত প্ৰত্যেকজন ব্যক্তিয়েই একোজনকৈ সংবাদ প্ৰেৰণকাৰী হৈ পৰা বুলি উল্লেখ কৰি ড° বুজৰবৰুৱাই কয় যে কোনো এটা ঘটনাৰ ফটোগ্ৰাফ বা ভিডিঅ’ সংগ্ৰহ কৰি মুহূৰ্ততে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। কিন্তু প্ৰতিটো ঘটনাৰেই একাধিক দিশ আৰু দৃষ্টিভংগী থাকে। সেয়েহে ঘটনাৰ সম্পূৰ্ণ সত্য উদ্ঘাটন নকৰাকৈ কোনো তথ্য প্ৰচাৰ কৰিলে সমাজত ভুল বুজাবুজি, বিভেদ, উত্তেজনা আনকি সংঘাতৰো সৃষ্টি হ’ব পাৰে। বিশেষকৈ ৰাজনৈতিক, জাতিগত আৰু সামাজিক বিষয়ত এনে অপপ্ৰচাৰে অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা থাকে বুলি তেওঁ সতৰ্ক কৰি দিয়ে।
সাংবাদিকতাৰ মূল দায়িত্ব কেৱল ঘটনা প্ৰচাৰ কৰাতে সীমাবদ্ধ নহয়, বৰং সমাজৰ প্ৰকৃত ছবি আৰু জনমত নিৰপেক্ষভাৱে প্ৰতিফলিত কৰাৰ লগতে সামাজিক দায়বদ্ধতা পালন কৰাটোও ইয়াৰ অন্যতম কৰ্তব্য বুলি তেওঁ উল্লেখ কৰে। কোনো ঘটনাৰ কেৱল নেতিবাচক দিশটোক অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰি ইতিবাচক দিশসমূহ উপেক্ষা কৰাটো সাংবাদিকতাৰ সুস্থ পৰম্পৰা হ’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে। এগৰাকী সাংবাদিকৰ প্ৰকৃত দায়িত্ব হৈছে সমাজৰ সমস্যা নিৰ্ভীকভাৱে তুলি ধৰা আৰু কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ স্বাৰ্থ তথা প্ৰলোভনৰ ওচৰত আপোচ নকৰা। সংবাদৰ বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ সাংবাদিকসকলে পেছাগত নৈতিকতাৰ প্ৰতি সদায় সচেতন হ’ব লাগিব বুলি তেওঁ আহ্বান জনায়।
কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সন্দৰ্ভত তেওঁ কয় যে বৰ্তমান সময়ত ইয়াৰ সহায়ত বক্তৃতা, গৱেষণাপত্ৰ আৰু বিভিন্ন লেখাৰ খচৰা অতি সহজে প্ৰস্তুত কৰিব পৰা হৈছে। শিক্ষাৰ্থীসকলেও বিভিন্ন এপৰ জৰিয়তে তথ্য আৰু সমল সংগ্ৰহ কৰি আকৰ্ষণীয় লেখা প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে। কিন্তু প্ৰযুক্তিৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই ব্যক্তিৰ নিজস্ব চিন্তা, সৃষ্টিশীলতা আৰু বৌদ্ধিক বিকাশৰ পৰিসৰ সংকুচিত কৰিব পাৰে। একে ধৰণৰ তথ্য আৰু ভাষাৰে প্ৰস্তুত কৰা লেখাই মৌলিক চিন্তাৰ বিকাশত বাধাৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰি তেওঁ শিক্ষাৰ্থীসকলক নিজস্ব চিন্তা, অধ্যয়ন আৰু মননশীলতাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।
সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো গভীৰ অধ্যয়ন, জীৱনৰ অভিজ্ঞতা আৰু ক্ষেত্ৰ অধ্যয়নৰ কোনো বিকল্প নাই বুলি মন্তব্য কৰি ড° বুজৰবৰুৱাই কয় যে এগৰাকী প্ৰকৃত সাহিত্যিকে কেৱল কল্পনাৰ জগততে সীমাবদ্ধ নাথাকি সমাজৰ মানুহৰ জীৱন, দুখ-
ডিজিটেল যুগত ভুৱা বাতৰি, পক্ষপাতিত্ব, কপিৰাইট উলংঘন, ব্যক্তিগত গোপনীয়তাৰ সংকট আৰু চাইবাৰ অপৰাধৰ প্ৰসাৰকো তেওঁ সংবাদ মাধ্যম আৰু সমাজৰ অন্যতম প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰে। সামাজিক মাধ্যমত মত প্ৰকাশৰ স্বাধীনতা থকাৰ সমান্তৰালভাৱে সামাজিক দায়িত্ব আৰু নৈতিকতাৰ ভাৰসাম্য ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য বুলি তেওঁ মত প্ৰকাশ কৰে। আনহাতে, অসমীয়া ভাষাত মানসম্পন্ন ডিজিটেল সমলৰ অভাৱ, বানান আৰু তথ্যগত ভুল তথা অনুবাদৰ সীমাবদ্ধতাই ভাষা-সংস্কৃতিৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিছে বুলি আঙুলিয়াই দিয়ে। সংবাদ মাধ্যমত অসমীয়া ভাষাৰ নিজস্ব সৌন্দৰ্য, শব্দৰ মাধুৰ্য আৰু যতুৱা কথনশৈলীৰ ব্যৱহাৰৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।
তেওঁ লগতে কয় যে প্ৰতিজন মানুহেই নিজৰ পৰিয়াল, সমাজ, জন্মভূমি আৰু পৰিৱেশৰ ওচৰত ঋণী। সেয়েহে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে কাম কৰিলেহে সমাজৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ’ব। জীৱনৰ প্ৰতিটো কামতে সময়ৰ মূল্য আৰু কৰ্তব্যনিষ্ঠাক গুৰুত্ব দিবলৈও তেওঁ সকলোকে আহ্বান জনায়।
অনুষ্ঠানটো উদ্বোধন কৰি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয় যে ডিজিটেল যুগত সংবাদ মাধ্যমৰ সংখ্যা আৰু পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে সাংবাদিকতাৰ বিশ্বাসযোগ্যতা, নিৰপেক্ষতা আৰু দায়বদ্ধতাৰ প্ৰশ্নটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। টি আৰ পি আৰু সৰ্বপ্ৰথমে বাতৰি পৰিৱেশনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ গৈ সংবাদ মাধ্যমে যাতে প্ৰকৃত সত্যৰ পৰা আঁতৰি নাযায় আৰু সমাজত বিভ্ৰান্তি তথা অস্থিৰতাৰ সৃষ্টি নকৰে, তাৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত।
বৰুৱাই সংবাদ মাধ্যমৰ বৰ্তমানৰ অৰ্থনৈতিক সংকটৰ প্ৰসংগও উত্থাপন কৰি ছপা সংবাদ মাধ্যমৰ প্ৰতি পাঠকৰ আগ্ৰহ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। অসমীয়া বাতৰি কাকতৰ প্ৰচলন হ্ৰাস আৰু সংবাদ প্ৰতিষ্ঠানসমূহৰ আৰ্থিক
সংবাদ মাধ্যমৰ স্বাধীনতা থাকিলেও সেই স্বাধীনতাৰ সৈতে দায়িত্ববোধ জড়িত হৈ থকা উচিত বুলি মন্তব্য কৰি তেওঁ কয় যে সংবাদ মাধ্যমৰ মূল শক্তি হৈছে ইয়াৰ বিশ্বাসযোগ্যতা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা সমাজৰ প্ৰহৰী হিচাপে সংবাদ মাধ্যমে ৰাজনৈতিক ব্যক্তি, বিষয়া-আমোলা আৰু ক্ষমতাশালী মহলৰ কাম-কাজৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ ফলত সমাজৰ বহু অনিয়ম নিয়ন্ত্ৰিত হৈ থাকে। সেয়েহে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়বদ্ধতা দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ।
অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ 
অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, উপদেষ্টা মনোৰঞ্জন হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি যাদৱ গগৈ, বিশিষ্ট ঔপন্যাসিক জুৰি বৰা বৰগোহাঞি, বিশিষ্ট লেখক প্ৰেইম থী গোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃণাল বৰুৱা, সদৌ অসম লেখিকা সন্থাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্ত, লেখক সুমন দত্ত, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰাক্তন উপ-সভাপতি দীপজয় শইকীয়া, খোৱাং প্ৰেছ ক্লাবৰ সভাপতি বাবুল সোণোৱাল, জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য পুস্তক ফুকন, অধ্যাপক তথা লেখক লক্ষ্মীনন্দন বৰগোহাঞি,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,খোজ অসমৰ মুখ্য সমন্বয়ক মনোজ বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, লেখিকা অৰ্পণা ফুকন দাস, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যুটীয়া সম্পাদক মুক্তামণি হাজৰিকাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক, ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই বক্তৃতানুষ্ঠানে ডিজিটেল যুগত সাংবাদিকতাৰ বিশ্বাসযোগ্যতা, নৈতিকতা আৰু সামাজিক দায়বদ্ধতাৰ প্ৰাসংগিকতা পুনৰ উত্থাপন কৰাৰ লগতে সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ আৰু সমাজৰ মাজত এক অৰ্থৱহ মত বিনিময়ৰ পৰিৱেশ সৃষ্টি কৰে।