বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত জাতি-জনগোষ্ঠীৰ স্বকীয় ক’লা-সংস্কৃতি
ঢকুৱাখনাৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সফল সামৰণি
নৱ প্ৰজন্মৰ মাজত প্ৰতিভাৰ অভাৱ নাই- ড° গীতাঞ্জলি বৰুৱা
ঢকুৱাখনা,১৫ নৱেম্বৰ:
জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে উজ্জীৱিত হৈ পৰে ঢকুৱাখনা সম-জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ। শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
সোণালী জয়ন্তী মহোৎসৱৰ অন্তিম দিনটোত অৰ্থাৎ দেওবাৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ দুপৰীয়া নৃত্যশিল্পী বৰষা বুঢ়াগোহাঁইয়ে উদ্ধোধন কৰা সোণালী জয়ন্তী মহোৎসৱৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই জীপাল কৰি তোলে বৃহত্তৰ সাপতীয়া অঞ্চলৰ পৰিৱেশ ৷বিশাল সাংস্কৃতিক শোভাযাত্ৰাত উদ্ভাসিত জাতি-জনগোষ্ঠীৰ স্বকীয় ক’লা-সংস্কৃতি।বিভিন্ন ধৰ্মীয় আখ্যানৰ দৃশ্য, লোকাচাৰ, কলা-সংস্কৃতি, বুৰঞ্জীৰ ঘটনা প্ৰৱাহ, দেশপ্ৰেম আদিক উপস্থাপন কৰি শোভাযাত্ৰাক অনন্য মাত্ৰা দিয়ে।বিহুৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া নৃত্য-গীতৰ 
উদ্ধোধনী ভাষণত ড° বৰুৱাই উদ্বোধনী কয়– আজি পঞ্চাছ বছৰ আগতে বৃহত্তৰ সাপতীয়াৰ দৰে এটি অনগ্ৰসৰ অঞ্চলত এচাম গুণী আৰু বিদ্যানুৰাগী লোকে এই অনুষ্ঠানটি গঢ় দি
সাপতীয়া অঞ্চলত মানৱ সম্পদ গঢ় দিয়াত সহায় কৰি সাপতীয়াবাসীক ধন্য কৰিলে। ৫০ বছৰ আগতে তেওঁলোকে ইয়াৰ গুৰি নধৰা হলে
সাপতীয়াৰ মানৱ সম্পদবোৰ অথলে গল হেতেন।তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে -আজিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নৱপ্ৰজন্মৰ মাজত প্ৰতিভাৰ অভাৱ নাই৷ সেয়ে তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই আনিবলৈ যত্ন কৰিব লাগে আৰু তেওঁলোকেও নিজৰ কামৰ প্ৰতি শ্ৰদ্ধাৱান হ’ব লাগে বুলি কৈ তেওঁ আৰু লগতে কয় -“আমি যি কাম কৰোঁ সেই কামখিনি যদি শ্ৰদ্ধাসহকাৰে কৰোঁ, তেতিয়াহ’লে নিশ্চয় আমি সফলতা লাভ কৰিবলৈ সক্ষম হ’ম৷” সেয়ে তেওঁ ছাত্ৰীসকলক সকলো কাম শ্ৰদ্ধাসহকাৰে কৰিবলৈ আহ্বান জনায়৷তেওঁলোকে এই বিদ্যালয় খনক পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত গঢ় দিয়াত অগ্ৰসৰ হ’ব বুলিও তেওঁ কামনা কৰে।উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নন্দেশ্বৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, সমাজ সচেতক ত্ৰিদীপ ভাগৱতী উপস্থিত থাকি সাৱলীল ভাষণেৰে ৰাইজ তথা অভিভাৱক- অভিভাৱিকাক চিন্তাৰ খোৰাক যোগায়। অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাইয়ে

মুকলি সভাত ঢকুৱাখনা সম-জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোহাঁই,লখিমপুৰ জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু, ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ অধ্যক্ষ ড° যোগানন্দ সূত,হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগ,অৰুণাচল প্ৰদেশৰ লুম্বেৰ দাই গৱেষণা কেন্দ্ৰৰ সম্পাদক ভৰত ৰাজখোৱাৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।।উল্লেখ্য যে নিশাৰ ভাগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে।
