আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতপাল সিঙক এদিনৰ পেৰ’ল
ডিব্ৰুগড়ৰ পৰা লৈ যাবলৈ আহিব পঞ্জাব আৰক্ষীৰ দল
চাইন অন ডেস্ক,১৩ নৱেম্বৰ:
কাৰাবন্দী খাডুৰ চাহিবৰ সাংসদ তথা ৱাৰিছ পঞ্জাব দে সংগঠনৰ মুৰব্বী অমৃতপাল সিঙক তেওঁৰ আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতসৰৰ এখন আদালতে এদিনৰ পেৰ’ল মঞ্জুৰ কৰিছে।যোৱা দেওবাৰে ৮৪ বছৰ বয়সত মৃত্যু হৈছিল চৰণ কৌৰৰ।বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালক অহা ১৪ নৱেম্বৰত পঞ্জাব আৰক্ষীৰ এটা দলে পঞ্জাবলৈ লৈ যাব। আইতাকৰ অন্ত্যেষ্টিক্ৰিয়া আৰু পৰৱৰ্তী ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ বাবে পৰিয়ালে অধিক সময়ৰ পেৰ’ল বিচাৰিছিল যদিও আদালতে মাত্ৰ এদিনৰ বাবেহে অনুমতি প্ৰদান কৰিছে।আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত অমৃতপালৰ অধিবক্তা জছবীৰ কৌৰে আদালতে তেওঁৰ সাময়িক মুক্তিৰ অনুমতি প্ৰদান কৰা বুলি নিশ্চিত কৰে। লগতে এই সম্পৰ্কীয় প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
কৌৰে কয়, “দীপাৱলীৰ দিনা দেওবাৰে তেওঁৰ আইতাকৰ মৃত্যু হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অমৃতসৰৰ আদালতে কাইলৈৰ বাবে তেওঁক পেৰ’ল প্ৰদান কৰিছে।”
তেওঁ লগতে কয় যে শুকুৰবাৰে আদালতৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু সাময়িক মুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে।’কাইলৈ পঞ্জাব আৰক্ষীৰ এটা দল ইয়ালৈ আহি তেওঁক পঞ্জাবলৈ লৈ যাব,’– কৌৰে কয়।
কৌৰৰ মতে, পৰিয়ালৰ লোকে শেষকৃত্যৰ সকলো ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণ নোহোৱালৈকে অমৃতপালক পেৰ’লত ৰখাৰ অনুমতি বিচাৰিছিল। কিন্তু আদালতে কেৱল ১৪ নৱেম্বৰৰ বাবেহে অনুমতি প্ৰদান কৰে।
“আমি শেষকৃত্যৰ সকলো পৰম্পৰা সম্পূৰ্ণ নোহোৱালৈকে পেৰ’ল বিচাৰিছিলোঁ, কিন্তু তেওঁক মাত্ৰ এদিনৰ বাবেহে অনুমতি দিয়া হৈছে,” অধিবক্তাগৰাকীয়ে পুনৰাই উল্লেখ কৰে।
উল্লেখ্য যে অমৃতপালক অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকাৰ অনুমতি বিচাৰি পৰিয়ালে আদালতৰ কাষ চাপিছিল আৰু সেইবাবে তেওঁৰ আইতাকৰ মৃতদেহৰ সৎকাৰো পিছুৱাই ৰখা হৈছিল বুলি জানিব পৰা গৈছে। মানৱীয় আৰু ধৰ্মীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অধিবক্তাৰ দলে অমৃতসৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত সাময়িক মুক্তিৰ আবেদন জনাইছিল। ইয়াৰ পূৰ্বে আদালতে অনুমতি দিয়াৰ পিছতো অমৃতপাল আৰু তেওঁৰ আইতাকৰ মাজত ভিডিঅ’ কলৰ ব্যৱস্থা কৰিব নোৱাৰাক লৈ পৰিয়ালে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছিল।উল্লেখ্য যে যোৱা ৮ নৱেম্বৰত অমৃতপালৰ আইতাকৰ মৃত্যু হৈছিল।

২০২৬ চনৰ এপ্ৰিলত তিনিবছৰীয়া NSA-ৰ আটক কাল অন্ত পৰাৰ পিছতে অজনালা আৰক্ষী থানা আক্ৰমণৰ গোচৰত পঞ্জাব আৰক্ষীয়ে তেওঁক আনুষ্ঠানিকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত জেৰাৰ বাবে তেওঁক দুদিনৰ আৰক্ষীৰ জিম্মালৈ নিয়া হৈছিল আৰু তাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। অৱশ্যে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অনুমোদিত ব্যৱস্থাৰ অধীনত তেওঁ এতিয়াও ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে আছে। পৰৱৰ্তী আদালতৰ কাৰ্যবিধিসমূহ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্পন্ন কৰা হৈছে।
উল্লেখ্য যে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত অমৃতপাল আৰু তেওঁৰ সমৰ্থকসকলে এজন সহযোগীক আৰক্ষীৰ জিম্মাৰ পৰা মোকলাই নিয়াৰ উদ্দেশ্যে অজনালা আৰক্ষী থানাত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ অনুসৰি, তেওঁলোকে বেৰিকেড ভাঙি আৰক্ষী থানাত প্ৰৱেশ কৰাৰ লগতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। এই গোচৰত হত্যাৰ চেষ্টা, সংঘবদ্ধ হিংসা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু চৰকাৰী কৰ্মচাৰীক আক্ৰমণকে ধৰি বিভিন্ন ধাৰাত ৪১জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গঠন কৰা হৈছে।আনহাতে, অমৃতপালৰ সহযোগী পাপলপ্ৰীত সিং, দলজিৎ সিং কালছি, কুলৱন্ত সিং, বীৰেন্দৰ জোহাল, গুৰমীত সিং ভুখানৱালা, তেওঁৰ খুৰাক হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিঙকো NSA-ৰ অধীনত আটক কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। ২০২৫ চনত তেওঁলোকৰ NSA-ৰ আটককাল বৃদ্ধি নকৰাৰ পিছত আটাইকেইজনকে পুনৰ পঞ্জাবলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান তেওঁলোকেও অজনালা গোচৰত বিচাৰৰ সন্মুখীন হৈ আছে।
উল্লেখ্য যে কাৰাগাৰত থকা অৱস্থাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অমৃতপালে খাডুৰ চাহিব সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছিল। ২০২৪ চনৰ ৫ জুলাইত তেওঁ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল।
পঞ্জাবত তেওঁৰ বিৰুদ্ধে চলি থকা বিভিন্ন অপৰাধমূলক গোচৰৰ মাজতে আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে এই এদিনীয়া পেৰ’ল লাভ কৰিছে।