...

ডিব্ৰুগড়ত জিলা পৰ্যায়ত SAANS অভিযানৰ শুভাৰম্ভ

ডিব্ৰুগড়ত জিলা পৰ্যায়ত SAANS অভিযানৰ শুভাৰম্ভ

নিউমোনিয়াৰ বিষয়ে সজাগতাৰে শিশুৰ জীৱন ৰক্ষাৰ আহ্বান

চাইন অন ডেস্ক,১৩ নৱেম্বৰ:

জিলা স্বাস্থ্য সমিতি, ডিব্ৰুগড়ৰ উদ্যোগত আজি ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত জিলা পৰ্যায়ত SAANS অৰ্থাৎ Social Awareness and Action to Neutralise Pneumonia Successfully ৰ অভিযানৰ শুভাৰম্ভ কৰা হয় । এই অভিযানৰ মূল উদ্দেশ্য হৈছে ৫ বছৰৰ তলৰ শিশুৰ মাজত নিউমোনিয়াৰ ফলত হোৱা মৃত্যু প্ৰতিৰোধ কৰা আৰু সময়মতে চিনাক্তকৰণ, চিকিৎসা আৰু সজাগতাৰ জৰিয়তে শিশুৰ জীৱন ৰক্ষা কৰা।

অনুষ্ঠানত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ সৌমেন্দ্ৰ কুমাৰ ভাগৱতী, SDM&HO – Public Health ডাঃ ডিম্পী বৰঠাকুৰ, জিলা মিডিয়া বিশেষজ্ঞ ডেইজী গগৈ, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ ABPM বসন্ত বৰদলৈ,ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ Secretarial Assistant cum Accountant বিষ্ণু ভূচাল, আশা কৰ্মীসকল আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

অনুষ্ঠানত ভাষণ দি ডাঃ সৌমেন্দ্ৰ কুমাৰ ভাগৱতীয়ে কয়, “নিউমোনিয়া প্ৰতিৰোধযোগ্য ৰোগ। সময়মতে লক্ষণ চিনাক্ত কৰিলে এটাও শিশুক আমি হেৰুৱাব নালাগে। এই অভিযানত আশা কৰ্মীসকলেই আমাৰ আটাইতকৈ শক্তিশালী শক্তি।”

একেদৰে, ডাঃ ডিম্পী বৰঠাকুৰে নিউমোনিয়াৰ লক্ষণসমূহ — দ্ৰুত উশাহ, বুকু ভিতৰলৈ সোমাই যোৱা, কাহ-জ্বৰ, গাখীৰ নোখোৱা আদিৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে আৰু সন্দেহ হ’লেই তৎক্ষণাত স্বাস্থ্য কেন্দ্ৰলৈ ৰেফাৰ কৰিবলৈ আহ্বান জনায়।

আনহাতে, জিলা মিডিয়া বিশেষজ্ঞ ডেইজী গগৈয়ে সম্পূৰ্ণ টিকাকৰণ, বিশেষকৈ PCV টিকা, ৬ মাহলৈকে কেৱল মাতৃদুগ্ধ, পুষ্টিকৰ আহাৰ আৰু ধোৱাৰ পৰা শিশু ক আতঁৰাই ৰখা , পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত আশা কৰ্মীসকলক ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰা, শিশুৰ উশাহ গণনা কৰি পৰীক্ষা কৰা আৰু সন্দেহজনক শিশুক তৎক্ষণাত ৰেফাৰ কৰাৰ দায়িত্ব দিয়া হয়। হিতাধিকাৰীসকলকো নিউমোনিয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায়ৰ বিষয়ে সজাগ কৰা হয়। শেষত সকলোৱে “এটাও শিশু নিউমোনিয়াত নহৰুৱাওক” এই সংকল্প লৈ অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *