...

ডিব্ৰুগড়ত তিনিদিনীয়া ‘টেক্সপেয়াৰ্ছ হাব’ কাৰ্যসূচীৰ শুভাৰম্ভ

ডিব্ৰুগড়ত তিনিদিনীয়া ‘টেক্সপেয়াৰ্ছ হাব’ কাৰ্যসূচীৰ শুভাৰম্ভ

চাইন অন ডেস্ক,১২ নৱেম্বৰঃ

কৰদাতাসকলৰ মাজত কৰ ব্যৱস্থা সম্পৰ্কে সজাগতা বৃদ্ধি, কৰ-সংক্ৰান্তীয় সমস্যাৰ দ্ৰুত সমাধান আৰু কৰদাতাসকলক বিভিন্ন সেৱা প্ৰদানৰ উদ্দেশ্যে ডিব্ৰুগড়ত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া ‘টেক্সপেয়াৰ্ছ হাব’ আউটৰিচ কাৰ্যসূচী আৰম্ভ হয়।
ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীৰ আয়োজন কৰে আয়কৰ বিভাগৰ প্ৰধান আয়কৰ আয়ুক্ত ডিব্ৰুগড়ৰ কাৰ্যালয়ে তথা নতুন দিল্লীৰ আয়কৰ সঞ্চালকালয়ৰ সহযোগত। চৌকিডিঙী খেলপথাৰত চলি থকা গ্ৰন্থমেলাৰ পৰিৱেশত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান মুখ্য আয়কৰ আয়ুক্ত এন. লংভাহ, শ্বিলঙৰ CCIT ডি. ছংগাটে, গুৱাহাটীৰ PCIT ডি. সোণোৱাল, ডিব্ৰুগড় Assessment Unit-1ৰ PCIT কে. এম. চৌহান উপস্থিত থাকে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অসমীয়া অভিনেত্ৰী নিশিতা গোস্বামী।
কাৰ্যসূচীৰ প্ৰথম দিনা অঞ্চলটোৰ কৰদাতাৰ প্ৰকৃতি, চাহ আৰু পেট্ৰ’লিয়ামকে ধৰি স্থানীয় গুৰুত্বপূৰ্ণ উদ্যোগ আৰু অঞ্চলটোৰ কৰ বৃদ্ধিৰ ধাৰা সম্পৰ্কে এখন আঞ্চলিক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰি কৰ ব্যৱস্থা সম্পৰ্কে সাধাৰণ লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে নাট আৰু যাদু প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়। লগতে কেইবাটাও কাৰিকৰী অধিৱেশনো অনুষ্ঠিত হয়।
কৰদাতাসকলৰ অভিযোগ আৰু সমস্যাৰ দ্ৰুত নিষ্পত্তিৰ লগতে আয়কৰ সম্পৰ্কীয় বিভিন্ন সেৱা সহজে লাভ কৰাৰ উদ্দেশ্যে অনুষ্ঠানস্থলীত পৃথক কিয়স্ক স্থাপন কৰা হৈছে। কৰদাতাসকলক সহায় আৰু তেওঁলোকৰ সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে এটা বিশেষ দল নিয়োজিত কৰা হৈছে বুলিও জানিব দিয়ে।
১৩ নৱেম্বৰ, দ্বিতীয় দিনা ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন আৰু অংকন প্ৰতিযোগিতা, কুইজ আৰু বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে যাদু প্ৰদৰ্শন আৰু নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। কাৰিকৰী অধিৱেশনত নতুন আয়কৰ আইন, ২০২৫, আয়কৰ আইন আৰু নিয়মৰ সৰলীকৰণ, দৰমহাভোগী ব্যক্তিৰ বাবে প্ৰযোজ্য কৰ বিধান আদি বিষয়ত আলোচনা কৰা হ’ব।ইয়াৰ উপৰি ক্ষুদ্ৰ কৰদাতাসকলৰ বিদেশী সম্পত্তি ঘোষণা সম্পৰ্কীয় ‘Foreign Assets of Small Taxpayers – Disclosure Scheme, 2026 (FAST-DS 2026)’ সন্দৰ্ভত উপস্থাপন কৰা হ’ব। RNPOs-ৰ বাবে সংহত কৰ কাঠামো সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হ’ব।১৪ নৱেম্বৰ, তৃতীয় আৰু অন্তিম দিনা Non-Intrusive Facilitative Tax Compliance/Compliance Simplification বিষয়ত কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ লগতে যাদু প্ৰদৰ্শন, নুক্কড় নাটক, সাংস্কৃতিক অনুষ্ঠান আৰু সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।আয়কৰ বিভাগে এই তিনিদিনীয়া ‘টেক্সপেয়াৰ্ছ হাব’ৰ জৰিয়তে কৰদাতাসকলৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰি কৰ ব্যৱস্থাক অধিক সহজ, স্বচ্ছ আৰু কৰদাতাবান্ধৱ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *