শিমলীতোলা কানকটাত বজ্ৰ পৰি থিতাতে নিহত শ্ৰমিক
আহত ৮ গৰাকীৰ
নগৰবেৰা,১২নৱেম্বৰ:
বুধবাৰৰ দুপৰীয়া গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত কানকটা গাঁৱত সংঘটিত হয় এক শোকাবহ কাণ্ড।গাঁৱৰ পাছফালে থকা পথাৰত বৰষুণৰ মাজতেই ধান কাটি থকা অৱস্থাতেই ঘটা বজ্ৰপাতৰ ফলত থিতাতে নিহত হয় শ্বৰিফ উদ্দিন(৫৫) নামৰ এজন হাজিৰা শ্ৰমিক।

নিহত শ্বৰিফ উদ্দিনৰ ঘৰ শিমলীতোলা অঞ্চলৰ বৰপথাৰ গাঁৱত।আহত সকলক ততালিকে চিকিৎসাৰ বাবে শিমলীতোলা কে এন মেধি ৰাজ্যিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।আনহাতে শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল দাসৰ তৎপৰতাত নিহত লোক জনৰ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰা হয়।
দিনদুপৰতে সংঘটিত এই শোকাবহ কাণ্ড আৰু দুখীয়া শ্ৰমিক জনৰ মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।