...

দলগাঁৱৰ মাজমজিয়াত দুর্ঘটনাত মহিলা সংকটজনক

দলগাঁৱৰ মাজমজিয়াত দুর্ঘটনাত মহিলা সংকটজনক

ট্ৰেফিক আৰক্ষীৰ ওপৰত প্ৰচণ্ড ক্ষোভ ৰাইজৰ

দলগাঁও,১২নৱেম্বৰ:

দৰঙৰ দলগাঁও ৰাজ্যিক চিকিৎসালয় আৰু দৈনিক বজাৰৰ সমীপৰ অতি ব্যস্ততাপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া প্ৰায় সাত বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী মালবাহী ডি আই বাহনৰ প্ৰচণ্ড খুন্দাত এগৰাকী বাইক আৰোহী মহিলা গুৰুতৰভাৱে আহত হয় । ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।কালি সন্ধিয়া সাত বজাত এ এছ ১৩ এফ ১৩৪০ নম্বৰৰ এখন মটৰচাইকেলে চিকিৎসালয় আৰু বজাৰ সংযোগী ব্যস্ত পথছোৱাৰ ডিভাইডাৰত ইউ টাৰ্ন লৈ থকাৰ সময়তে পিছফালৰ পৰা বেপৰোৱাভাৱে অহা এ এছ ১২ চি চি ২০৩২ নম্বৰৰ এখন মালবাহী ডি আই বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। বাহনখনৰ ভয়ংকৰ খুন্দাৰ ফলত মটৰচাইকেলৰ পিছৰ আসনত বহি অহা মহিলা এগৰাকী ৰাজপথত চিটিকি পৰি ৰক্তাক্ত হৈ সংকটজনক অৱস্থাত পৰে। স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁক এম্বুলেন্সেৰে তাৎক্ষণিকভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি মহিলাগৰাকীৰ জীৱন-মৃত্যুৰ যুঁজ চলি থকাৰ মাজতে বাতৰি যুগুতোৱাৰ সময়লৈকে তেওঁৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাৰ খবৰ পাই দলগাঁও থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে এই শোকাৱহ ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰচণ্ড ক্ষোভৰ উদগীৰণ ঘটিছে। অভিযোগ উঠিছে যে চিকিৎসালয় আৰু দৈনিক বজাৰৰ দৰে মানুহ তথা বাহনৰ অহৰহ ভিৰ লাগি থকা অতি সংবেদনশীল আৰু ব্যস্ত এলেকাতো ট্ৰেফিক আৰক্ষীৰ কোনো উপস্থিতি নাই। দলগাঁৱত ট্ৰেফিক আৰক্ষী ব্যৱস্থা নামতহে চলিছে বুলি ৰাইজে ক্ষোভ উজাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *