ডিব্ৰুগড় জিলা মাষ্টাৰ্ছ এথলেটিকৰ বাছনি পৰীক্ষাৰ আয়োজন
চাইন অন ডেস্ক,১১ নবেম্বৰ:
ডিব্ৰুগড়ৰ বাণীপুৰ খেলপথাৰত অহা ১৪ নৱেম্বৰত ডিব্ৰুগড় জিলা মাষ্টাৰ্ছ এথলেটিক বাছনি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেয়েহে ডিব্ৰুগড় জিলাৰ সকলো ইচ্ছুক খেলুৱৈক এই প্ৰতিযোগিতাত যোগদান কৰিবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনাইছে। এই প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলে অহা ডিচেম্বৰ মাহত ওদালগুৰি জিলাৰ ভেৰগাওঁত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব বুলি ডিব্ৰুগড জিলা মাষ্টাৰ্ছ এথলেটিকৰ সভাপতি তৰুণ গগৈ আৰু সম্পাদক অজয় দত্তই জনাইছে। তেওঁলোকৰ যোগাযোগ নম্বৰ 9101557453 আৰু 6002998537