...

কামৰূপৰ লাহেশ্বৰী চাপৰিৰ ছেটেলাইট চিটিৰ ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

কামৰূপৰ লাহেশ্বৰী চাপৰিৰ ছেটেলাইট চিটিৰ ভূমি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

শুৱালকুছি,১০ নবেম্বৰঃ

ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই বহু মাটি নিজৰ বুকুত সাৱতি লোৱাত অসমত মাটিৰ আয়তন যথেষ্ট কমি গৈছে। কেতিয়াবা আকৌ ব্ৰহ্মপুত্ৰই গৰাখহনীয়াত সাৱতি লোৱা মাটি এৰিও দিছে। সেয়েহে ব্ৰহ্মপুত্ৰই এৰি দিয়া মাটি সমুহ চিনাক্ত কৰি সেই মাটিবোৰ উদ্ধাৰ কৰি তাত নতুন নতুন প্ৰকল্প কৰাৰ চিন্তা -চৰ্চা কৰিছে চৰকাৰে। তাৰে অংশ হিচাৱে কামৰূপ জিলাৰ লাহেশ্বৰী চাপৰিৰ বহু বিঘা মাটি পূৰ্বতে ব্ৰহ্মপুত্ৰই সাৱতি লৈ এতিয়া এৰি দিয়া লাহেশ্বৰী চাপৰিৰ বহু মাটি ব্যৱহাৰৰ অভাৱত পৰি আছে। অসম চৰকাৰে এই মাটি সমুহ বিশেষজ্ঞৰ দ্বাৰা পৰ্যবেক্ষণ কৰি তাৰ গুনাগুণ নিৰ্ধাৰণ কৰি সদব্যৱহাৰ কৰিবলৈ এক দীৰ্ঘম্যাদী আচনি প্ৰস্তুত কৰি ভাৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দিব। কিয়নো এনে ব্যয় বহুল বাজেটৰ বাবে ৰাজ্য চৰকাৰৰ পুজি নাই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি কামৰূপ জিলাৰ শুৱালকুছি থানাৰ অন্তৰ্গত লাহেশ্বৰী চাপৰিৰ অব্যহৃত হৈ থকা কেবা হাজাৰ বিঘা মাটিত ছেটেলাইট চিটি নিৰ্মাণৰ পৰ্যবেক্ষণৰ বাবে ইয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এয়া এক অতি প্ৰাৰম্ভিক কাম। প্ৰকল্প সন্দৰ্ভত এতিয়াও একো সিদ্ধান্ত লোৱা নাই। অসম চৰকাৰে ভাৰত চৰকাৰক জনাব যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সাৱতি লোৱা বহু হাজাৰ বিঘা মাটি নদীৰ গতি সলনিৰ ফলত এৰি দিয়াত অব্যহৃত হৈ পৰি ৰৈছে। সেই মাটি সমুহ উদ্ধাৰ কৰি অসম চৰকাৰে প্ৰকল্প আদি নিৰ্মাণৰ জৰিয়তে উপযুক্ত ভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে। ভাৰত চৰকাৰে সহাঁৰি জনালে নিশ্চয়কৈ বৃহৎ প্ৰকল্প হব নহলে উক্ত উদ্ধাৰ কৰা মাটি সমুহ খেতিৰ বাবে উপযোগী কৰি তুলিব যত মানুহে বসবাস কৰাৰ সুবিধা লাভ কৰিব। তেওঁ পুনৰ কয় যে, চৰকাৰী ৰিজাৰ্ভ মাটি যি সকলে বেদখল কৰি আছে তেওঁলোকে নিজে এৰি দিলে আদৰণি জনাম আৰু এৰি নিদিলে জিলা আয়ুক্তৰ জৰিয়তে উচ্ছেদ কৰা হব। ইয়াত বৃহৎ প্ৰকল্প নিৰ্মাণ হৈ উঠিলে এই বৃহৎ অঞ্চলটোলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন হব আৰু এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব। আগন্তুক বিধান সভাৰ নিৰ্বাচনত বিজেপি দলে কিমান আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ কথা সাংবাদিককে সোধাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মইটো ১২৬ খনেই পাম বুলি ভাৱো। কিন্তু ভবামতে কামবোৰ নহয়। তথাপিও মিত্ৰদলে ১০২ ৰ পৰা ১১০ খন আসন লাভ কৰিব। কিয়নো নগাঁওত লোকসভাৰ উপ নিৰ্বাচনে বিজেপি দললৈ এক নতুন আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। সমস্টটোৰ অন্তৰ্গত চাৰিটা সংখ্যালঘু সমস্টিত বিজেপি দলে ৩০ শতাশং ভোট লাভ কৰি এইবাৰ অভিলেখ গঢ়িছে। আচলতে ৰকিবুল হুচেইন হৰা মানুহ জিকি আছে। সংখ্যালঘু ভোটাৰে কংগ্ৰেছ দল ক্ষমতালৈ আহিব বুলি ভাবি কংগ্ৰেছক ভোট দিয়ে। এইবাৰ এই ধাৰণা সলনি হৈছে। গতিকে বিজেপিয়ে অহাবাৰ তাত আসন বেছিকৈ পোৱাটো নিশ্চিত। অৱশ্যে ইয়াৰ বাবে বিজেপি দলে ৰাইজৰ বাবে বহুত উন্নয়ন কামো কৰিব লাগিব। আজিৰ এই পৰ্যবেক্ষণৰ সময়ত স্হানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শুৱালকুছি জিলা পৰিষদৰ সদস্য ধীৰাজ মহন্তৰ লগতে ৰাজ্যৰ জল সম্পদ বিভাগৰ উচ্চ পদস্থ বিষয়া- কৰ্মচাৰী আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়া – কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *