তুংগত উঠিছে মিচিং স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ
বালিপৰা,৯নৱেম্বৰ:
তুংগত উঠিছে অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰকাৰ্য । আজি শোণিতপুৰৰ ২৬ নং বুৰুলী পৰিষদীয় সমষ্টিৰ (জনজাতি সংৰক্ষিত ) বাবে মনোনয়ন পত্ৰ দাখিল কৰে দুগৰাকীকৈ প্ৰাৰ্থীয়ে । জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজা নিজা সমৰ্থকক
লগত লৈ ক্ৰমে ৰাইজৰ সমৰ্থনত যুৱ নেতা, সমাজসেৱক দীনেশ মিলি আৰু টি এম পি কে,এম এম কে আৰু গণশক্তিৰ সমৰ্থনৰ যুৱ নেতা পদেশ্বৰ মিলিয়ে আনুষ্ঠানিকভাৱে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী দুগৰাকীয়ে অনাগত নিৰ্বাচনত বিজয়ী হোৱাৰ আত্মবিশ্বাসী বুলি সংবাদ মাধ্যমৰ আগত মত পোষণ কৰিছে । উল্লেখ্য যে,অহা ৩০ নৱেম্বৰত অনুষ্ঠিতব্য নিৰ্বাচনত শোণিতপুৰৰ একমাত্ৰ সমষ্টিটোত আজি মনোনয়নৰ প্ৰথম দিনা বাতৰি লিখা পৰ্যন্ত দুজনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দিয়ে । সমষ্টিটোৰ প্ৰায় ৭৫০০ ভোটাৰে ১৭ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনত সাৱ্যস্ত কৰিব নিজৰ ভোটাধিকাৰ । নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে সমষ্টিটোৰ অন্তৰ্গত ২৩ খন গাঁৱত প্ৰাৰ্থীসকলে সভা অনুষ্ঠিত কৰি নিজৰ সমৰ্থনত প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে । বিভিন্ন উন্নয়নকামী ইছ্যুক লৈ ৰাইজৰ কাষ চাপিছে প্ৰাৰ্থীসকল ।