ধুবুৰী জেলত ৰহস্যজনক মৃত্যু
চাৰিদিন ধৰি মৰণোত্তৰ পৰীক্ষা নোহোৱাকৈ মৃতদেহ !
পৰিয়ালৰ মাজত হাহাকাৰ
মানকাচৰ,৮নবেম্বৰ:

ঘটনাৰ বিৱৰণী: দুমাহ পূৰ্বে মানকাচৰ আৰক্ষী থানাত পঞ্জীয়নভুক্ত এক ঘটনা সন্দৰ্ভত মানকাচৰ আৰক্ষীয়ে নিশা কাজিপাৰা গাঁৱৰ ঘৰৰ পৰা মাহালম মিঞাক আটক কৰি থানালৈ লৈ গৈছিল। পিছদিনা আৰক্ষীয়ে তেওঁক ধুবুৰী জেল হাজতলৈ প্ৰেৰণ কৰে। যোৱা দুমাহ ধৰি লোকজন ধুবুৰী জেলত কাৰাবন্দী হৈ আছিল।
অৱশ্যে, যোৱা চাৰিদিন পূৰ্বে জেল কৰ্তৃপক্ষই পৰিয়ালৰ লোকক খবৰ দিয়ে যে মাহালম মিঞাৰ জেলখনত আকস্মিক ভাৱে মৃত্যু হৈছে। এই খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক সকলে মানকাচৰৰ পৰা এম্বুলেন্স লৈ তৎপৰতাৰে ধুবুৰী জেলত উপস্থিত হয়। ইয়াৰ পিছতে জেল কৰ্তৃপক্ষই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, চাৰিদিনৰো অধিক সময় অতিবাহিত হৈ যোৱাৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা নাই। যাৰ ফলত এতিয়ালৈকে মৃতদেহটো পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হোৱা নাই। চিকিৎসালয়ৰ মৰ্গৰ বাহিৰত চাৰিদিন ধৰি মৃতদেহৰ বাবে বন্দাপৰ লৈ কটোৱা দুৰ্বিষহ পৰিস্থিতিয়ে পৰিয়ালটোক ভাঙি পেলাইছে। কি কাৰণত এজন বন্দীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাত ইমান দীঘলীয়া পলম হৈছে, সেই বিষয়ে প্ৰশাসনৰ তৰফৰ পৰাও কোনো স্পষ্ট উত্তৰ দিয়া হোৱা নাই।
মাহালম মিঞাৰ এই আকস্মিক আৰু ৰহস্যজনক মৃত্যুক লৈ পৰিয়ালৰ লোকৰ মাজত গভীৰ শংকা আৰু আশংকাই বিৰাজ কৰিছে। এওঁলোকৰ প্ৰশ্ন সুস্থ-সবল মানুহটোক জেলৰ ভিতৰত কি পৰিস্থিতিত মৃত্যু হ’ল? ইফালে, মৰণোত্তৰ পৰীক্ষাত হোৱা এই ইচ্ছাকৃত বিলম্বই ঘটনাটোৰ সন্দৰ্ভত এক গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে।
বৰ্তমান মানকাচৰৰ কাজিপাৰা গাঁৱত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ক্ষুব্ধ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে ঘটনাৰ উচিত ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে পলম নকৰি তৎক্ষণাৎ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰি মৃতদেহটো পৰিয়ালৰ হাতত তুলি দিবলৈ প্ৰশাসনৰ ওচৰত তীব্ৰ দাবী জনাইছে।