...

অসম কেবিনেটৰ সকলো খবৰ এতিয়াৰে পৰা লাভ কৰক অংকিতাৰ জৰিয়তে

Spread the love

কোন এই ৰূপহী অংকিতা ? কোন এই গুণৱতী ?
জানো আহক !

 

চাইন অন ডেক্সঃ

এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। ইয়াৰ ফলত সকলো অসম্ভৱ কামো সম্ভৱ হৈ উঠিছে।আজিৰ যুগত দৈনিক প্ৰতিটো কামৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা জড়িত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিভিন্ন কৰ্মক্ষেত্ৰৰ সৈতে এই কৃত্ৰিম বুদ্ধিমত্তা জড়িত হৈ পৰাৰ লগতে বৰ্তমান বাতৰি পৰিৱেশনকাৰীৰ ৰূপতো এই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ হোৱা দেখা গৈছে ৷ দেশৰ একাংশ সংবাদ প্ৰতিষ্ঠানে সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি দেশৰ প্ৰযুক্তি খণ্ডক এক উচ্চ স্তৰলৈ লৈ যোৱা দেখা গৈছে ৷ 14 মে’ বুধবাৰে অসমতো আৰম্ভ হ’ল এই ব্যৱস্থাৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদৰ্শন কৰে অংকিতাক, যি এগৰাকী কৃত্ৰিম বুদ্ধিমত্তা চালিত বাতৰি পৰিৱেশিকা ৷

এই সন্দৰ্ভত X একাউণ্টযোগে এটা ভিডিঅ’ প্ৰচাৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াত দেখা গৈছে যে অংকিতাই অসম কেবিনেটৰ শেহতীয়া খবৰবোৰ বিতংকৈ পৰিৱেশন কৰিছে ৷ জীৱন্ত মানৱ সদৃশ বৈশিষ্ট্যযুক্ত এই AI অংকিতা ৷ যন্ত্ৰটোৰ অংগ সঞ্চালনৰ লগতে কথা কোৱাৰ ভংগী সকলো সাইলাখ মানুহৰ দৰেই ৷ অংকিতাই সলসলীয়া অসমীয়াতেই সমগ্ৰ বাতৰি পৰিৱেশন কৰিছে ৷

ড৹ শৰ্মাই কয়, “এয়া অংকিতা – আমাৰ AI ঘোষিকা ৷ যিয়ে আপোনালোকলৈ লৈ আহিছে অসম কেবিনেট মিটিঙৰ শেহতীয়া খবৰবোৰ ৷ ডিব্ৰুগড় বিমানবন্দৰৰ নাম ভূপেন হাজৰিকাৰ নামেৰে সলনি কৰাৰ পৰা চাহ বাগিচাৰ শ্ৰমিকৰ বাবে এককালীন অনুমোদন দিয়ালৈ – আমি জনসাধাৰণৰ বাবে সিদ্ধান্ত লৈছিলো ৷ ”

এই বাতৰিটোৱে জনতাৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশই বিজ্ঞান-প্ৰযুক্তি খণ্ডৰ এই উত্তৰণ দেখি উৎসাহিত হোৱাৰ সময়তে আন একাংশই ইয়ে সংবাদ প্ৰতিষ্ঠান খণ্ডত চাকৰিৰ অভাৱ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে ৷ কিয়নো এই কৃত্ৰিম বুদ্ধিমত্তাবোৰে জীৱন্ত ৰূপ আৰু স্পষ্ট কণ্ঠৰে যিকোনো বিষয়বস্তুৰ পেছাদাৰী উপস্থাপন কৰিব পাৰে ৷

উন্নত প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ আৰু বাস্তৱিক টেক্সট-টু-স্পিচ প্ৰযুক্তিৰ দ্বাৰা চালিত এই এআই-চালিত অৱতাৰসমূহে মানুহৰ দৰে সাৱলীলতা, সুৰ আৰু প্ৰকাশভংগীৰ সৈতে বাতৰি প্ৰেৰণ কৰে । চীনৰ দৰে দেশত ইয়াৰ প্ৰথম আত্মপ্ৰকাশ ঘটা দেখা গৈছিল, য’ত 2018 চনত জিনহুয়াৰ এআই এংকৰ ‘চিন জিয়াওৱেই’ আত্মপ্ৰকাশ কৰিছিল ৷ পৰৱৰ্তী সময়ত এয়া বিশ্বজুৰি বিয়পি পৰিছিল । এআই এংকৰসমূহে 24/7 উপলব্ধতা, বহুভাষিক ক্ষমতা আৰু অৰ্থৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰে, যাৰ ফলত দৰমহা বা বিৰতিৰ প্ৰয়োজনীয়তা নাইকিয়া হয় । বিভিন্ন দৰ্শকৰ লগত খাপ খুওৱাৰ লগতে উচ্চাৰণ বা চেহেৰা নিমিষতে খাপ খুৱাই ল’ব পাৰি ।

AI এংকৰে অতি সোনকালে মানৱ শক্তিৰ স্থান লোৱাৰ সম্ভাৱনা নাই যদিও বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ যুগত আৰু বিকশিত ডিজিটেল যুগত বাতৰি প্ৰদানৰ পৰম্পৰাগত ধাৰণাক প্ৰত্যাহ্বান জনাইছে বুলি নিশ্চিতভাৱে ক’ব পৰা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *