...

দীপাৱলীৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত প্ৰশাসনৰ কঠোৰ অভিযান

দীপাৱলীৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত প্ৰশাসনৰ কঠোৰ অভিযান

অবৈধভাৱে ফটকা মজুত ৰখাৰ অভিযোগত গুদাম ছীল

চাইন অন ডেস্ক,৪নৱেম্বৰঃ

দীপাৱলীৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত অবৈধভাৱে ফটকা মজুত ৰখাৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে। গোপন সূত্ৰৰ পম খেদি আজি ডিব্ৰুগড় মহানগৰৰ বজাৰ অঞ্চলত অভিযান চলাই বিপুল পৰিমাণৰ ফটকা মজুত থকা এটা গুদাম জব্দ কৰি ছীল কৰে প্ৰশাসনে। জানিব পৰা মতে, খগেন বনিয়াৰ মালিকানাধীন বুলি কোৱা গুদামটোত দণ্ডাধীশ পৰ্যায়ৰ এটা প্ৰশাসনিক দলে অভিযান চলায়। অভিযানকালত গুদামটো চলোৱাৰ বাবে প্ৰয়োজনীয় কোনো বৈধ চৰকাৰী অনুজ্ঞাপত্ৰ নথকাৰ তথ্য পোহৰলৈ অহাত প্ৰশাসনে গুদামটো ছীল কৰি দিয়ে। ইতিমধ্যে গুদামৰ মালিক পক্ষক প্ৰয়োজনীয় বৈধ নথি-পত্ৰ প্ৰশাসনৰ কাৰ্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশ অনুসৰি বৈধ নথি-পত্ৰ দাখিল কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে। কেৱল এই গুদামটোতেই অভিযান সীমাবদ্ধ নাৰাখি ডিব্ৰুগড়ৰ বিভিন্ন বজাৰ অঞ্চলত অবৈধভাৱে ফটকা মজুত ৰখা আন স্থানসমূহৰ সন্ধানতো প্ৰশাসনে নিৰীক্ষণ অব্যাহত ৰাখিছে। দীপাৱলীৰ সময়ত অগ্নিকাণ্ড বা আন সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে অবৈধভাৱে ফটকা মজুত আৰু বিক্ৰীৰ বিৰুদ্ধে প্ৰশাসনে এই তৎপৰতা অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে। উৎসৱৰ পূৰ্বে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এই অভিযান বিশেষ তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *